Official Youtube Channel of Rajdweep. Subscribe for New Videos
Rajdweep
Recording session ❤️
3 weeks ago | [YT] | 19
View 2 replies
Moment ❤ Receiving Assam State Film Award for Best Lyricist.
3 weeks ago | [YT] | 8
View 1 reply
❤
4 weeks ago | [YT] | 21
View 4 replies
Ishwarputra ❤ #play #hengooltheatre #rajdweep
4 weeks ago | [YT] | 12
জুবিনদাহীন ৰঙালীৰ গাত ৰঙেই নাই দেখােন...ভালে থাকক সকলো।
1 month ago | [YT] | 3
অধিৰ আগ্ৰহেৰে বাট চাইছো মহানায়কক ডাঙৰ পৰ্দাত লগ পাবলৈ...শেষবাৰৰ বাবে। তাৰ মাজতে শুনিলো ছবিখনৰ টিকটৰ মূল্য বৃদ্ধিক লৈ চৰ্চা।ছবিখনে যে চিত্ৰগৃহৰ মালিক, ডিষ্ট্ৰিবিউটৰ আদিক এক অকল্পনীয় তথা ঐতিহাসিক ব্যৱসায়িক সফলতা দিব, তাত কোনো সন্দেহ নাই। এনে অৱস্থাত সেইসকলেও অসমৰ ৰাইজৰ আৱেগক শ্ৰদ্ধা জনাইহে টিকটৰ মূল্য নিৰ্ধাৰণ কৰক। PVR তথা অন্যান্য ছবিগৃহসমূহে হিন্দী ছবিৰ ক্ষেত্ৰত যিদৰে মাত্ৰ ৯৯ টকাত টিকট উপলব্ধ কৰি নানা অফাৰ আগবঢ়ায়, তেনে সুলভ মূল্যৰ টিকটৰ অফাৰ জুবিন গাৰ্গৰ অন্তিম ছবি 'ৰৈ ৰৈ বিনালে'ৰ বাবে আগবঢ়াব পাৰিলে অসমৰ লাখ লাখ সাধাৰণ জনতাই পৰিয়ালৰ সৈতে একেলগে ছবিখন উপভোগ কৰিব পাৰিব। সপ্তাহটোৰ কোনোবা এটা বা দুটা দিনত এনে ব্যৱস্থা কৰাৰ কথা যদি সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে চিন্তা কৰে, সাধাৰণ ৰাইজে ডাঙৰ সকাহ পাব। কাৰণ আগতেই কোৱাৰ দৰে এইখন ছবিৰ টিকটৰ মূল্য কিছু কমাই দিলেও লোকচানৰ কথা নাহে, কাৰণ এয়া হৈছে অসমৰ চিনেমা ইতিহাসৰ 'BIGGEST BLOCKBUSTER EVER'. শেষত এটাই কথা: মুঠতে যিয়ে যি কৰি আছে, এবাৰ তেখেতৰ মুখখন মনত পেলাই কৰক। লাভৰ অংক কৰিবলৈ জীৱনটো পৰি আছে, কিন্তু 'ঘেন্টা' বুলি কৈ সকলো অংক তচনচ কৰি দিবলৈ তেওঁ আৰু নাই। কাৰণ আমি মানি নোলোৱা সত্যটো হৈছে: THE KING HAS LEFT HIS KINGDOM...FOREVER ! #roiroibinale
6 months ago | [YT] | 23
আজি আমি সঁচাকৈয়ে...কঙাল ! #justiceforzubeen
7 months ago | [YT] | 14
Zubeen da Long Live 🙏#zubeengarg #justiceforzubeengarg
7 months ago | [YT] | 21
View 0 replies
শেষ গান, শেষ দেখা...'বাটৰুৱা' বুলি গানটো ৰেকৰ্ডিং কৰি থকাৰ দিনাই কলো : দাদা, আৰু এটা থিয়েটাৰৰ গান আছে। মিউজিকৰ কাম দুই-এদিনতে সম্পূৰ্ণ হ'ব। তেওঁ কলে: মোৰ চিনেমাৰ কাম চলি আছে। মই তোক ফোন কৰিম দে। সময় গৈ থাকিল। ইফালে থিয়েটাৰ কৰ্তৃপক্ষৰ পৰা ফোন আহি থাকিল: গানটো কেতিয়া হ'ব। গাইড ভইচ থকা ট্ৰেকটো দিয়েই আখৰা চলি থাকিল। চাওঁতে চাওঁতে থিয়েটাৰৰ আখৰা শেষ হৈ দৰ্শনী আৰম্ভ হৈ গ'ল।ইফালে দাদাৰো ফোন নাই। এদিন মেছেজ দিলো: দাদা মোৰ গানটো? উত্তৰত আহিল : আৰু মোৰ চিনেমাখন ? বুজি পালো যে ৰজাৰ মন এতিয়া চিনেমাখনৰ কামত নিমগ্ন হৈ আছে। গতিকে আমনি নকৰাৰ সিদ্ধান্ত লৈ থিয়েটাৰ কৰ্তৃপক্ষক গাইড ভইচ থকা গানটোৰেই দৰ্শনী চলাই যাবলৈ অনুৰোধ কৰিলো। ভাবিলো চিনেমাৰ ব্যস্ততাত দাদাই পাহৰিলে। কিন্তু কিছুদিন আগতে হঠাৎ তেওঁৰ ফোন: 'ঐ তোৰ গান এটা আছিল। কাইলৈ আহিবি।' পিছে কিবা কাৰণত পিছদিনা ৰেকৰ্ডিং নহ'ল। পুনৰ কিছুদিনলৈ যোগাযোগ নাই। এদিন ৰাতি বন্ধু জয়ন্ত কাকতি আৰু শেখৰৰ ফোন: আহা, আজি দাদাই গাব বুলি কৈছে। লগে লগে গৈ জোনালীৰ ষ্টুডিঅ'ত হাজিৰ হ'লো। দাদাই তেতিয়া জয়ন্তৰ গীত এটা গাই আছে। তাৰ পাছত দাদাই ভূপেনদাৰ স্মৃতিত প্ৰস্তুত কৰা গীত এটিৰ দুটা শাৰী গালে। সেইটো অংশৰ শ্বুটিঙো কৰা হ'ল। পাছত আহিল মোৰ গীতটোৰ পাল। দাদাই গাবলৈ ল'লে: যদি তুমি কেতিয়াবা, নভবাকৈ মোকে ভাবা...। সাধাৰণতে দাদাই গাই থাকোতে মই ফটো, ভিডিঅ' অলপ লৈ থওঁ। কিন্তূ সিদিনা কেৱল গ্লাছৰ সিপাৰৰ পৰা দাদাই গাই থকাই চাই থাকিলো। গোৱা হৈ গ'ল। দাদা ডাবিং ৰূমৰ পৰা ওলাই আহিয়েই চিনেমা এখনৰ বিষয়ে সূধিলে। এই অক্টোবৰতে দাদাৰ সৈতে মোৰ চিত্ৰনাট্যৰে এখন চিনেমা শ্বুটিং কৰাৰ কথা আছিল। ইতিমধ্যে যাৱতীয় কাম সম্পূৰ্ণ হৈ উঠিছিল। সেয়াও এক আধৰুৱা যাত্ৰা...।অলপ সময় ষ্টুডিঅ'ত কটাই এটা সময়ত আহিবলৈ ওলালো। দাদাক কলো: দাদা যাওঁ। পিছে দাদাই যেন শুনিও নুশুনাৰ দৰে কৰিলে। বুজিলো, সেয়ে অলপ সময় তাতে বহি থাকিলো। অলপ পাছত গৈ দাদাৰ হাতখনত ধৰি কলো: দাদা আহো। আচৰিতধৰণে এইবাৰো মুখেৰে একো নকৈ মাত্ৰ মূৰ জোকাৰিলে। ভাবিলো দাদাৰ মনত চিনেমাখনৰ কথা চলি আছে। কাৰণ দাদাই তেওঁৰ বাকী থকা ডাবিঙ, মিউজিক আদিৰ কথা কৈ আছিল। এটা সময়ত দাদাৰ ষ্টুডিঅ'ৰ পৰা ওলাই আহিলো। ঘৰলৈকে সমগ্ৰ বাটছোৱা দাদাই কিছু সময় আগতে গোৱা গীতটোকে শুনি থাকিলো: যদি তুমি কেতিয়াবা, নভবাকৈ মোকে ভাবা..। ভবা নাছিলো এয়া দাদাৰ সৈতে শেষ গীত হ'ব। গীতটো ফাইনেল মিক্স হৈ অহা কেইবাদিনো হ'ল। কিন্তু শুনিবলৈ সাহ কৰিব পৰা নাই..। জুবিন গাৰ্গ নোহোৱাকৈ পৃথিৱীখন সঁচা বুলি বিশ্বাস কৰিব নোৱাৰি!
7 months ago | [YT] | 78
View 5 replies
https://youtu.be/RNnrEs9hn_8
7 months ago | [YT] | 2
Load more
Rajdweep
Recording session ❤️
3 weeks ago | [YT] | 19
View 2 replies
Rajdweep
Moment ❤ Receiving Assam State Film Award for Best Lyricist.
3 weeks ago | [YT] | 8
View 1 reply
Rajdweep
❤
4 weeks ago | [YT] | 21
View 4 replies
Rajdweep
Ishwarputra ❤
#play #hengooltheatre #rajdweep
4 weeks ago | [YT] | 12
View 4 replies
Rajdweep
জুবিনদাহীন ৰঙালীৰ গাত ৰঙেই নাই দেখােন...
ভালে থাকক সকলো।
1 month ago | [YT] | 3
View 1 reply
Rajdweep
অধিৰ আগ্ৰহেৰে বাট চাইছো মহানায়কক ডাঙৰ পৰ্দাত লগ পাবলৈ...শেষবাৰৰ বাবে। তাৰ মাজতে শুনিলো ছবিখনৰ টিকটৰ মূল্য বৃদ্ধিক লৈ চৰ্চা।
ছবিখনে যে চিত্ৰগৃহৰ মালিক, ডিষ্ট্ৰিবিউটৰ আদিক এক অকল্পনীয় তথা ঐতিহাসিক ব্যৱসায়িক সফলতা দিব, তাত কোনো সন্দেহ নাই। এনে অৱস্থাত সেইসকলেও অসমৰ ৰাইজৰ আৱেগক শ্ৰদ্ধা জনাইহে টিকটৰ মূল্য নিৰ্ধাৰণ কৰক।
PVR তথা অন্যান্য ছবিগৃহসমূহে হিন্দী ছবিৰ ক্ষেত্ৰত যিদৰে মাত্ৰ ৯৯ টকাত টিকট উপলব্ধ কৰি নানা অফাৰ আগবঢ়ায়, তেনে সুলভ মূল্যৰ টিকটৰ অফাৰ জুবিন গাৰ্গৰ অন্তিম ছবি 'ৰৈ ৰৈ বিনালে'ৰ বাবে আগবঢ়াব পাৰিলে অসমৰ লাখ লাখ সাধাৰণ জনতাই পৰিয়ালৰ সৈতে একেলগে ছবিখন উপভোগ কৰিব পাৰিব। সপ্তাহটোৰ কোনোবা এটা বা দুটা দিনত এনে ব্যৱস্থা কৰাৰ কথা যদি সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে চিন্তা কৰে, সাধাৰণ ৰাইজে ডাঙৰ সকাহ পাব।
কাৰণ আগতেই কোৱাৰ দৰে এইখন ছবিৰ টিকটৰ মূল্য কিছু কমাই দিলেও লোকচানৰ কথা নাহে, কাৰণ এয়া হৈছে অসমৰ চিনেমা ইতিহাসৰ 'BIGGEST BLOCKBUSTER EVER'.
শেষত এটাই কথা: মুঠতে যিয়ে যি কৰি আছে, এবাৰ তেখেতৰ মুখখন মনত পেলাই কৰক। লাভৰ অংক কৰিবলৈ জীৱনটো পৰি আছে, কিন্তু 'ঘেন্টা' বুলি কৈ সকলো অংক তচনচ কৰি দিবলৈ তেওঁ আৰু নাই। কাৰণ আমি মানি নোলোৱা সত্যটো হৈছে: THE KING HAS LEFT HIS KINGDOM...FOREVER !
#roiroibinale
6 months ago | [YT] | 23
View 2 replies
Rajdweep
আজি আমি সঁচাকৈয়ে...কঙাল !
#justiceforzubeen
7 months ago | [YT] | 14
View 1 reply
Rajdweep
Zubeen da Long Live 🙏
#zubeengarg #justiceforzubeengarg
7 months ago | [YT] | 21
View 0 replies
Rajdweep
শেষ গান, শেষ দেখা...
'বাটৰুৱা' বুলি গানটো ৰেকৰ্ডিং কৰি থকাৰ দিনাই কলো : দাদা, আৰু এটা থিয়েটাৰৰ গান আছে। মিউজিকৰ কাম দুই-এদিনতে সম্পূৰ্ণ হ'ব। তেওঁ কলে: মোৰ চিনেমাৰ কাম চলি আছে। মই তোক ফোন কৰিম দে।
সময় গৈ থাকিল। ইফালে থিয়েটাৰ কৰ্তৃপক্ষৰ পৰা ফোন আহি থাকিল: গানটো কেতিয়া হ'ব। গাইড ভইচ থকা ট্ৰেকটো দিয়েই আখৰা চলি থাকিল। চাওঁতে চাওঁতে থিয়েটাৰৰ আখৰা শেষ হৈ দৰ্শনী আৰম্ভ হৈ গ'ল।
ইফালে দাদাৰো ফোন নাই। এদিন মেছেজ দিলো: দাদা মোৰ গানটো? উত্তৰত আহিল : আৰু মোৰ চিনেমাখন ? বুজি পালো যে ৰজাৰ মন এতিয়া চিনেমাখনৰ কামত নিমগ্ন হৈ আছে। গতিকে আমনি নকৰাৰ সিদ্ধান্ত লৈ থিয়েটাৰ কৰ্তৃপক্ষক গাইড ভইচ থকা গানটোৰেই দৰ্শনী চলাই যাবলৈ অনুৰোধ কৰিলো।
ভাবিলো চিনেমাৰ ব্যস্ততাত দাদাই পাহৰিলে। কিন্তু কিছুদিন আগতে হঠাৎ তেওঁৰ ফোন: 'ঐ তোৰ গান এটা আছিল। কাইলৈ আহিবি।' পিছে কিবা কাৰণত পিছদিনা ৰেকৰ্ডিং নহ'ল। পুনৰ কিছুদিনলৈ যোগাযোগ নাই।
এদিন ৰাতি বন্ধু জয়ন্ত কাকতি আৰু শেখৰৰ ফোন: আহা, আজি দাদাই গাব বুলি কৈছে। লগে লগে গৈ জোনালীৰ ষ্টুডিঅ'ত হাজিৰ হ'লো। দাদাই তেতিয়া জয়ন্তৰ গীত এটা গাই আছে। তাৰ পাছত দাদাই ভূপেনদাৰ স্মৃতিত প্ৰস্তুত কৰা গীত এটিৰ দুটা শাৰী গালে। সেইটো অংশৰ শ্বুটিঙো কৰা হ'ল।
পাছত আহিল মোৰ গীতটোৰ পাল। দাদাই গাবলৈ ল'লে: যদি তুমি কেতিয়াবা, নভবাকৈ মোকে ভাবা...। সাধাৰণতে দাদাই গাই থাকোতে মই ফটো, ভিডিঅ' অলপ লৈ থওঁ। কিন্তূ সিদিনা কেৱল গ্লাছৰ সিপাৰৰ পৰা দাদাই গাই থকাই চাই থাকিলো। গোৱা হৈ গ'ল। দাদা ডাবিং ৰূমৰ পৰা ওলাই আহিয়েই চিনেমা এখনৰ বিষয়ে সূধিলে। এই অক্টোবৰতে দাদাৰ সৈতে মোৰ চিত্ৰনাট্যৰে এখন চিনেমা শ্বুটিং কৰাৰ কথা আছিল। ইতিমধ্যে যাৱতীয় কাম সম্পূৰ্ণ হৈ উঠিছিল। সেয়াও এক আধৰুৱা যাত্ৰা...।
অলপ সময় ষ্টুডিঅ'ত কটাই এটা সময়ত আহিবলৈ ওলালো। দাদাক কলো: দাদা যাওঁ। পিছে দাদাই যেন শুনিও নুশুনাৰ দৰে কৰিলে। বুজিলো, সেয়ে অলপ সময় তাতে বহি থাকিলো। অলপ পাছত গৈ দাদাৰ হাতখনত ধৰি কলো: দাদা আহো। আচৰিতধৰণে এইবাৰো মুখেৰে একো নকৈ মাত্ৰ মূৰ জোকাৰিলে। ভাবিলো দাদাৰ মনত চিনেমাখনৰ কথা চলি আছে। কাৰণ দাদাই তেওঁৰ বাকী থকা ডাবিঙ, মিউজিক আদিৰ কথা কৈ আছিল।
এটা সময়ত দাদাৰ ষ্টুডিঅ'ৰ পৰা ওলাই আহিলো। ঘৰলৈকে সমগ্ৰ বাটছোৱা দাদাই কিছু সময় আগতে গোৱা গীতটোকে শুনি থাকিলো: যদি তুমি কেতিয়াবা, নভবাকৈ মোকে ভাবা..। ভবা নাছিলো এয়া দাদাৰ সৈতে শেষ গীত হ'ব। গীতটো ফাইনেল মিক্স হৈ অহা কেইবাদিনো হ'ল। কিন্তু শুনিবলৈ সাহ কৰিব পৰা নাই..।
জুবিন গাৰ্গ নোহোৱাকৈ পৃথিৱীখন সঁচা বুলি বিশ্বাস কৰিব নোৱাৰি!
7 months ago | [YT] | 78
View 5 replies
Rajdweep
https://youtu.be/RNnrEs9hn_8
7 months ago | [YT] | 2
View 0 replies
Load more