Rajdweep

অধিৰ আগ্ৰহেৰে বাট চাইছো মহানায়কক ডাঙৰ পৰ্দাত লগ পাবলৈ...শেষবাৰৰ বাবে। তাৰ মাজতে শুনিলো ছবিখনৰ টিকটৰ মূল্য বৃদ্ধিক লৈ চৰ্চা।

ছবিখনে যে চিত্ৰগৃহৰ মালিক, ডিষ্ট্ৰিবিউটৰ আদিক এক অকল্পনীয় তথা ঐতিহাসিক ব্যৱসায়িক সফলতা দিব, তাত কোনো সন্দেহ নাই। এনে অৱস্থ‍াত সেইসকলেও অসমৰ ৰাইজৰ আৱেগক শ্ৰদ্ধা জনাইহে টিকটৰ মূল্য নিৰ্ধাৰণ কৰক।

PVR তথা অন্যান্য ছবিগৃহসমূহে হিন্দী ছবিৰ ক্ষেত্ৰত যিদৰে মাত্ৰ ৯৯ টকাত টিকট উপলব্ধ কৰি নানা অফাৰ আগবঢ়ায়, তেনে সুলভ মূল্যৰ টিকটৰ অফাৰ জুবিন গাৰ্গৰ অন্তিম ছবি 'ৰৈ ৰৈ বিনালে'ৰ বাবে আগবঢ়াব পাৰিলে অসমৰ লাখ লাখ সাধাৰণ জনতাই পৰিয়ালৰ সৈতে একেলগে ছবিখন উপভোগ কৰিব পাৰিব। সপ্তাহটোৰ কোনোবা এটা বা দুটা দিনত এনে ব্যৱস্থা কৰাৰ কথা যদি সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে চিন্তা কৰে, সাধাৰণ ৰাইজে ডাঙৰ সকাহ পাব।

কাৰণ আগতেই কোৱাৰ দৰে এইখন ছবিৰ টিকটৰ মূল্য কিছু কমাই দিলেও লোকচানৰ কথা নাহে, কাৰণ এয়া হৈছে অসমৰ চিনেমা ইতিহাসৰ 'BIGGEST BLOCKBUSTER EVER'.

শেষত এটাই কথা: মুঠতে যিয়ে যি কৰি আছে, এবাৰ তেখেতৰ মুখখন মনত পেলাই কৰক। লাভৰ অংক কৰিবলৈ জীৱনটো পৰি আছে, কিন্তু 'ঘেন্টা' বুলি কৈ সকলো অংক তচনচ কৰি দিবলৈ তেওঁ আৰু নাই। কাৰণ আমি মানি নোলোৱা সত্যটো হৈছে: THE KING HAS LEFT HIS KINGDOM...FOREVER !

#roiroibinale

1 month ago | [YT] | 23