Hello Guys..

It's dimple.. And welcome to my CHANNEL✨✨here in this channel you're gonna get to watch videos related to my daily life.. Hope you guys will enjoy watching it... And support me to reach thousands of subscribers 🥰

Full name :- Dimple Das


Dimple's Diary

আমাৰ অতি মৰমৰ ঘৰখন যিখন ঘৰত মই শৈশৱ
মোৰ যৌৱনৰ আধা খিনি সময় কটাই ছিলো। মা, দেউতা দাদাৰ সৈতে কটোৱা বহু স্মৃতি য়ে আজি মোক বাৰুকৈয়ে আমনি কৰিছে। এই ঘৰখন দেখাৰ লগে লগে দেউতাক দেখা যেন অনুভৱ হয় এনে লাগে যেন দেউতা জীয়াই আছে আৰু আজিও সেই ঘৰখনতে আছে।

শৈশৱৰ ঘৰখন স্মৃতিৰ এক মধুৰ ভঁৰাল,এই অকৃত্ৰিম মৰম আৰু নিৰ্ভেজাল দিনবোৰেই জীৱনৰ আটাইতকৈ দামী সম্পদ। শৈশৱৰ সেই সৰু ঘৰখন আৰু চোতালখনত আছিল অসীম তৃপ্তি, যি আজিৰ ব্যস্ত জীৱনতো মনলৈ শান্তি কঢ়িয়াই আনে।
এই খনেই হৈছে দাংতল শিমলাগুৰীত অৱস্থিত মোৰ শৈশৱৰ বহু স্মৃতিৰে পৰিপূৰ্ণ হৈ থকা , মোৰ মা দেউতাৰ সপোনৰ ঘৰখন,কেতিয়াবা ভিতৰখনো দেখুৱাম আপোনালোকক 😊😊

#photo #nostalgia #nostalgicmemories #trending #mysweethome #phoyography

4 days ago | [YT] | 7

Dimple's Diary

Link 🔗👇
Wishlink post Url
www.wishlink.com/dimplesdiaryvn1fz/post/4468301

All Product Urls
Missippi Stainless Steel Square Shape Paneer Maker - Size 4 BIG
www.wishlink.com/share/n9bde5

AIRA Stainless Steel Square Paneer Mould Sprout Maker Paneer Maker Steel Tofu Steel Container Sprouts Maker Paneer Maker Strainer Stainless Steel Paneer Press Paneer Strainer Paneer Maker Steel Paneer Mould | 250 ml
www.wishlink.com/share/na2k5a

Missippi Stainless Steel Puttu Maker Steam Kuzha Puttu Maker Without Kudam
www.wishlink.com/share/nbt3ry

Missippi Stainless steel Puttu maker/ Puttu kudam with vessel and puttu stick
www.wishlink.com/share/nhk9vs

CHIRATTA PUTTU MAKER SS
www.wishlink.com/share/nv59qb

Missippi Puttumaker & Chiratta Puttu Maker Combo Offer- Premium Grade Stainless Steel
www.wishlink.com/share/nzhjm7

Missippi Stainless Steel Paneer Maker Mould Container With Lid, Make Fresh Paneer at Home ( 500ml)
www.wishlink.com/share/ng689w

5 days ago | [YT] | 1

Dimple's Diary

Link 🔗👇
Wishlink post Url
www.wishlink.com/dimplesdiaryvn1fz/post/4458774

All Product Urls
BLACK BOTTOM
www.wishlink.com/share/n75spv

Aakarsha Ensemble TOP
www.wishlink.com/share/nced2s

Womens Kurta with Pant Set
www.wishlink.com/share/nb8wst

woman's maroon back round top
www.wishlink.com/share/ngquu2

GIFT OF GOODNESS Aishani fashionable kurti
www.wishlink.com/share/ne6gky

new feminine stylish kurta with pampam lace set for womens and girls
www.wishlink.com/share/nwuvc3

5 days ago | [YT] | 2

Dimple's Diary

Good night friends 🥱

1 week ago | [YT] | 5

Dimple's Diary

পূজা আজি ৰাতিপুৱাই দিলো ৰাইজ 😊সকলোকে শুভ সন্ধিয়া জনালো দেই😊

1 week ago | [YT] | 7

Dimple's Diary

এনেই ফটো ভিডিও দি আপোনালোকক আমনি দি থাকো আজি আকৌ নিদিম সেইটো হবই নোৱাৰে নহয় জানো।

ৰাতিপুৱা শুই উঠাৰ লগে লগে ছোৱালী দুজনীয়ে মোক জন্ম দিনৰ শুভেচ্ছা জনালে কিন্তু মানুহজনে শুভেচ্ছা দিয়াই নাছিলে মই ভাবিলো পাহৰিলে চাগে ! কিন্তু মোক আচৰিত কৰি সন্ধিয়া কেকৰ লগতে এটা উপহাৰো লৈ আহিলে । মই সুধিলো ,মনত আছিল তাৰ মানে তেওঁ কলে তোমাৰ জন্মদিন আৰু মই পাহৰিব পাৰো নে এতিয়া নাজানো আৰু আপোনালোকৰ শুভেচ্ছা বানীবোৰ দেখি মনত পৰিলে , নে ছোৱালী দুজনী য়ে কলে, নে সচাকে মনত আছিলে 😁😁 ....
পিছত ভাবিলো যেনেকৈ নহওক মোৰ জন্ম দিনটো অকনমান বিশেষ টো হল গতিকে এতিয়া কেইখন মান ফটোকে উঠো 😊

1 week ago | [YT] | 11

Dimple's Diary

আজিৰ এই দিনটো মোৰ বাবে বিশেষ আৰু এই বিশেষ দিনটোত নিজকে নিজে শুভেচ্ছা জনালো লগতে ভগৱানক ধন্যবাদ জনালো আৰু এটি বছৰ আগবঢ়াই নিয়াৰ বাবে 🎉✨
আজি মই কেৱল জীৱনৰ আন এটা বছৰ নহয় বৃদ্ধি, পাঠ, শক্তি, আৰু সুন্দৰ স্মৃতিৰ আন এটা বছৰ উদযাপন কৰিছো। মই কিমান দূৰ আগবাঢ়িছো, কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হ’লোঁ সেইবোৰ পাহৰি আজি কেবল হৃদয়ত আশাৰে খেদি খেদি যোৱা সপোনবোৰৰ বাবে মই নিজে নিজে গৌৰৱান্বিত অনুভৱ কৰিলো।মোৰ জীৱনৰ এই নতুন বছৰটোৱে মোৰ বাবে অন্তহীন সুখ, লক্ষ্যত সফলতা, মোৰ আৰু মোৰ আপোনজনৰ বাবে সুস্বাস্থ্য, আৰু নিজকে আৰু অধিক বিশ্বাস কৰাৰ সাহস কঢ়িয়াই আনক।
আজি মোৰ জন্মদিনত মোৰ জীৱনত পোৱা সকলো আশীৰ্বাদ আৰু প্ৰতিদিনে পোৱা আনন্দৰ বাবে ভগৱানক আকৌ এবাৰ ধন্যবাদ দিব বিচাৰিছো। আজি মই অতীতক কৃতজ্ঞতাৰে, বৰ্তমানক স্পষ্টতাৰে আৰু ভৱিষ্যতক আশাৰে চাই নিজকে নিজে জনালো জনম দিনৰ বহুত বহুত শুভেচ্ছা 😊Happy birthday to mee🎉🎉🎉

#happybirthday #happiness #birthday #photo #photopost #trending

1 week ago (edited) | [YT] | 4

Dimple's Diary

অসমৰ ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত (HSLC) আৰু উচ্চতৰ মাধ্যমিক চুৰান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো ছাত্ৰ-ছাত্ৰীক জনাইছো মোৰ আন্তৰিক শুভেচ্ছা। তোমালোকৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ উচিত ফল তোমালোকে নিশ্চয় পাবা বুলি আমাৰ বিশ্বাস। পৰীক্ষাৰ সময়ছোৱাত শান্ত হৈ আত্মবিশ্বাসেৰে নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰিবা।

পৰীক্ষা হলত নিজৰ ওপৰত বিশ্বাস ৰাখিবা আৰু কোনো ধৰণৰ মানসিক চাপ নোলোৱাকৈ পেপাৰ লিখিবা।
তোমালোকৰ নিষ্ঠা আৰু নেৰানেপেৰা চেষ্টাই নিশ্চয়কৈ এক উজ্জ্বল ফলাফল কঢ়িয়াই আনিব।
পৰীক্ষাৰ সময়ত মনটো শান্ত ৰাখিবা, ই তোমালোকক প্ৰশ্নবোৰ সঠিককৈ বুজাত আৰু উত্তৰ দিয়াত সহায় কৰিব।
তোমালোক প্ৰত্যেকেই সফলতাৰ শিখৰত উপনীত হোৱা আৰু তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক, তাৰে কামনা কৰিলোঁ।
আকৌ এবাৰ তোমালোক সকলোকে মোৰ তৰফৰ পৰা
All the best 👍💯

#HighSchoolLife #hslcexam2026 #HSCExam #photopost #trending

2 weeks ago (edited) | [YT] | 6

Dimple's Diary

ৰাছিয়াৰ শিক্ষা ব্যৱস্থাত পৰীক্ষাৰ বাবে সম্ভৱপৰ সৰ্বোচ্চ নম্বৰ ৫।আৰু আচৰিত কথাটো হ’ল, যদি কোনো ছাত্ৰই এটাও উত্তৰ নিলিখে উত্তৰবহী জমা দিয়ে, তেতিয়াও তেওঁ ২ পায়।

মস্কো বিশ্ববিদ্যালয়ত প্ৰথম দিনাই যেতিয়া এই নিয়মৰ বিষয়ে জানিব পাৰিলোঁ, তেতিয়া সঁচাকৈয়ে আচৰিত হ’লোঁ। মোৰ এনে লাগিল যে কোনোবাই যদি একো নিলিখে তেন্তে শূন্য পাব লাগে।

মই কৌতুহলী হৈ ডাঃ থিয়ডৰ মেড্ৰেয়েভক সুধিলোঁ, “ছাৰ, এজন ছাত্ৰই একো লিখি নোলোৱাকৈ ২ পোৱাটো কেনেকৈ যুক্তিসংগত?”

মেদ্ৰেয়েভে হাঁহিলে। তাৰ পাছত শান্ত কণ্ঠেৰে ক’লে, “শূন্য মানে অস্তিত্বহীন বস্তু।এজন মানুহে যেতিয়ালৈকে চেষ্টা কৰে তেতিয়ালৈকে কেনেকৈ শূন্য হ’ব পাৰে? ভাবি চাওকচোন, প্ৰতিদিনে ৰাতিপুৱা এজন ছাত্ৰই ক্লাছলৈ আহিবলৈ কিমান ত্যাগ কৰে। হয়তো তেওঁ ৰাতিপুৱা সোনকালে ঠাণ্ডাৰ মাজত সাৰ পায়, বহু দূৰ খোজ কাঢ়ি যায়, বাছ, ট্ৰাম, ৰে’লত থিয় হয়। খালী উত্তৰ বহী এখন জমা দিলেও তেওঁ আহে ক্লাছলৈ, যাৰ অৰ্থ হ’ল তেওঁ চেষ্টা কৰিলে এতিয়া কোৱা, মই তেওঁক কেনেকৈ শূন্য দিম?”
তেওঁ লগতে কয়, “ছাত্ৰজনে হয়তো উত্তৰটো লিখিব পৰা নাছিল।কিন্তু তেওঁৰ সকলো প্ৰচেষ্টা অসাৰ হ’বনে?তেওঁ গোটেই ৰাতি পঢ়া-শুনা, বহী কিনা, কিতাপ খুলি চেষ্টা কৰি যি শ্ৰম কটায়, সেই শ্ৰমক আমি অৱহেলা কৰিমনে?
নাই এজন ব্যক্তি শূন্য নহয়। আমি যদি তেওঁক শূন্য দিওঁ তেন্তে তেওঁৰ আত্মবিশ্বাস কাঢ়ি লম, তেওঁৰ ভিতৰৰ জুই নিৰ্বাপিত কৰিম। আৰু শিক্ষক হিচাপে আমি বিচাৰো ছাত্ৰজনে বাৰে বাৰে থিয় হ’ব পৰা হওক, হেৰুৱাব নালাগে।”

বাকৰুদ্ধ হৈ শুনি আছিলোঁ। সেই মুহূৰ্তত মোৰ ভিতৰখন কঁপি উঠিল। মই বুজিলোঁ যে শিক্ষা কেৱল কিতাপৰ গ্ৰেড বা উত্তৰ নহয়, শিক্ষা মানে মানুহক জীয়াই ৰখা, তেওঁলোকৰ প্ৰচেষ্টাক চিনি পোৱা।

মেদ্ৰেয়েভে মোক সেইদিনা এটা গুৰুত্বপূৰ্ণ সত্য শিকাইছিল— শিক্ষা কেৱল জ্ঞান প্ৰদান কৰা নহয়, শিক্ষা হৈছে মানৱতাৰ অভ্যাস।

শূন্য নম্বৰ প্ৰায়ে ছাত্ৰ-ছাত্ৰীৰ বাবে মৃত্যুৰ ঘন্টা হৈ পৰে। কিতাপখনত শূন্য দেখা পাই তেওঁলোকে ভয় খায়, আগ্ৰহ হেৰুৱাই পেলায়। লাহে লাহে তেওঁলোকৰ পঢ়া-শুনাৰ প্ৰতি বিদ্বেষ গঢ় লৈ উঠে। অৱশ্যে এজন শিক্ষকৰ কৰ্তব্য হ’ল ছাত্ৰজনক উৎসাহিত কৰা, তেওঁক পতিয়ন নিয়াব পৰা— “আপুনি কৰিব পাৰে, পুনৰ চেষ্টা কৰক।”

যেতিয়া আমি খালী শ্বীটৰ বাবেও নূন্যতম নম্বৰ দিওঁ, তেতিয়া আমি আচলতে কৈছো— "আপুনি শূন্য নহয়, আপুনি এতিয়াও যোগ্য। আপুনি বিফল হোৱা নাই, আপুনি মাত্ৰ সফল হ'ব পৰা নাই। আকৌ চেষ্টা কৰক।"

এয়াই প্ৰকৃত শিক্ষা।

এজন ছাত্ৰৰ ভৱিষ্যত গঢ় লৈ উঠে শিক্ষকৰ হাতত। গতিকে শিক্ষকসকল যদি অলপ বেছি মানৱীয় হয়, যদিহে তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ প্ৰচেষ্টাক সীমাৰ বাহিৰত চাবলৈ শিকে তেন্তে বহু হতাশ ছাত্ৰ-ছাত্ৰীয়ে হয়তো নতুনকৈ সপোন দেখিব পাৰিব।
মোৰ বোধেৰে এই কাহিনীটো কেৱল ৰাছিয়াৰ শিক্ষকসকলকেই নহয়, সমগ্ৰ বিশ্বৰ শিক্ষকসকলকো ক’ব লাগে। কাৰণ শূন্য নম্বৰ কেতিয়াও শিক্ষা নহয়, শূন্য নম্বৰ মানে কাৰোবাক শেষ কৰা। যেতিয়ালৈকে মানুহে চেষ্টা কৰি আছে, তেওঁলোকে অন্ততঃ কিছু আশ্বাস, কিছু স্বীকৃতিৰ যোগ্য।
বি:দ্ৰ:-লেখাটো সংগ্ৰহ কৰা হৈছে। লেখক আৰু প্ৰামাণ্যতা অজ্ঞাত।

3 weeks ago | [YT] | 4