তুমি নতুন পুৰুষ , তুমি নতুন নাৰী অনাগত দিনৰ জাগ্ৰত প্রহৰী
কেঁচা জীৱন সোঁতক সিঞ্চন কৰি সজাবা সমাজ_____


Rudra Bhuyan

#অখিল_গগৈক কোনে জিকালে ?
(ছাহজাহান অসম , দাদাই লিখিছে)

এইবাৰ ২০২৬ চনৰ নিৰ্বাচনত বিৰোধীৰ ভয়াৱহ বিপৰ্যয়ৰ পিছত কংগ্ৰেছ আৰু একাংশ বাঁওপন্থীৰ মনত বেদনা আৰু নিষ্ঠুৰ হিংসা জাগি উঠা ঘটনাটো হৈছে অখিল গগৈৰ জয়লাভ৷ তেওঁলোকে এবাৰ কয়—কংগ্ৰেছৰ লগত মিত্ৰতা হোৱাৰ বাবেহে অখিল গগৈ জিকিল৷ একেখন মুখেৰে তেওঁলোকে আকৌ কয়, অখিল গগৈৰ জয়লাভ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত হৈছে৷ এজিপি আৰু বিজেপিয়ে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰি অখিল গগৈক জিকাই দিছে৷ এনে ৰহস্য গল্পৰ আবেশ সানি এওঁলোকে অসমৰ মানুহক বিভ্ৰান্ত কৰি আহিছে৷ এনে থিয়ৰীৰ যিসকল প্ৰচাৰক তাৰে বেছি ভাগেই জীৱনত চাগে এবাৰো শিৱসাগৰলৈ গৈ পোৱা নাই৷ আন এচাম আছে যিসকলে অসমৰ মেপত কোন ঠাইত শিৱসাগৰ আছে তাকো হয়তো দেখুৱাব নোৱাৰে৷ কিন্তু তেনে লোকেই এজিপি-বিজেপিৰ ভোট বিভাজনৰ ফলত অখিল গগৈ জিকিল বুলি সামাজিক মাধ্যমত তত্ত্বৰ বিষ্ঠা নিক্ষেপ কৰি পৰিৱেশ প্ৰদূষিত কৰিছে৷ সেই দুৰ্গন্ধ সহিব নোৱাৰিহে এই দুৱাষাৰ লিখিছোঁ।
২০২১ আৰু ২০২৬ ৰ নিৰ্বাচনত মই শিৱসাগৰ সমষ্টিত ওতঃপ্ৰোতভাৱে জড়িত আছিলো৷ শিৱসাগৰত থাকি নিৰ্বাচনী প্ৰচাৰ আৰু ৰণনীতি তৈয়াৰত অংশ লৈছিলোঁ। বহুতে ভবাৰ দৰে শিৱসাগৰ সমষ্টিটো একচেটিয়াভাৱে আহোমৰ প্ৰভাৱাধীন সমষ্টি নহয়৷ ইয়াত আহোম, কোঁচ-কলিতা, ব্ৰাহ্মণ, বঙালী, মাৰোৱাৰী, হিন্দীভাষী, গৰিয়া-মৰিয়া, কৈৱৰ্ত, নেপালী, নগা, মণিপুৰী, চুতীয়া, মিচিং আদি বিভিন্ন জাতিৰ এক বিচিত্ৰ সমাৱেশ আছে। সমষ্টি পুনঃনিৰ্ধাৰণৰ পিছত ৰাইজৰ দলৰ শক্তিশালী ভেটি থকা ৫টা পঞ্চায়ত ডিমৌ সমষ্টিৰ লগত যুক্ত হৈ গ’ল, যিবোৰ আহোম অধ‍্যূষিত আছিল৷ আনহাতে অসম গণ পৰিষদৰ শক্তিশালী ভেটি থকা পুৰণি আমগুৰি সমষ্টিৰ ১২ টা পঞ্চায়ত শিৱসাগৰ সমষ্টিৰ লগত যুক্ত হয়৷ লগতে নাজিৰাৰ পৰা আহে দোলাকাষৰীয়া পঞ্চায়ত। মিত্ৰদলৰ অংশীদাৰ হ’লেও এটা সমষ্টি বিলুপ্ত কৰা বাবে স্থানীয় পৰ্যায়ত এজিপিৰ ট্ৰেডিশ্যনেল ভোটাৰসকলৰ বিজেপিৰ বিৰুদ্ধে এটা তীব্ৰ ক্ষোভ আছিল৷ নিজৰ সমষ্টি ৰক্ষা কৰিব নোৱাৰিলে বুলি প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে আছিল ক্ষোভৰ ঢৌ। কিন্তু তাৰ মাজতো শিৱসাগৰ সমষ্টিত এজিপিৰ নাই বুলিলেও ২০,০০০ ভোট আছে, যিবোৰে ৰাষ্ট্ৰীয় দলক সাধাৰণতে ভোট নিদিয়ে৷ তদুপৰি আমি স্বীকাৰ কৰো বা নকৰো নিৰ্বাচনত জাতিগত আকাংক্ষা প্ৰতিফলিত হয়৷ এজিপিৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা কোঁচ-কলিতা বা উচ্চবৰ্ণৰ প্ৰতিনিধি৷ ইতিমধ‍্যে হিমন্ত বিশ্ব শৰ্মাৰ কুচক্ৰান্তত শিৱসাগৰ আহোম সংখ‍্যাগৰিষ্ঠ সমষ্টি নহয়। ৰাজনৈতিক বিৰোধী হ’লেও এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে নিৰ্বাচনী হিচাপ-নিকাচত হিমন্ত বিশ্ব শৰ্মা অতি অভিজ্ঞ মানুহ৷ জনা মানুহে ভালদৰে জানে এজিপিৰ প্ৰাৰ্থী নাথাকিলে এজিপিৰ ৮০ শতাংশ ভোট ৰাইজৰ দললৈ গ’লহেঁতেন৷ গতিকে এজিপিৰ ভোট যদি বিজেপিয়ে নাপায় অখিল গগৈয়েও পাব নালাগে৷ সেইবাবে এজিপিৰ প্ৰাৰ্থী থিয় কৰাই থ’লে বিজেপিয়ে৷ বহুতে কয়, বিজেপিয়ে কুশল দুৱৰীক কিয় প্ৰাৰ্থীত্ব দিলে? কুশল দুৱৰী যদিও চৰিত্ৰৰ ফালৰ পৰা কুখ্যাত হত্যাকাৰী— কিন্তু এজন সংগঠক হিচাপেও দুৰ্দান্ত৷ তেওঁ যোৱা ৫ বছৰ ২৪ ঘণ্টাই শিৱসাগৰ সমষ্টিত নিৰ্বাচনৰ প্ৰচাৰ চলোৱাত ব‍্যস্ত। য’ত ৰাজ‍্যখনৰ বিভিন্ন ঠাইত ঘূৰি-ফুৰি অখিল গগৈ মাহটোৰ ১০/১২ দিন সমষ্টিত থাকে, তাত ফিল্ডত কুশল দুৱৰী সদা বিদ‍্যমান। আনহাতে প্ৰদীপ হাজৰিকাৰ ফিল্ডত দেখাদেখি নাই। ২০০০ চনৰ পিছৰ প্ৰজন্মই কুশল দুৱৰীৰ ভয়াৱহ সন্ত্ৰাসবাদীৰ ৰূপ দেখা নাই— বহুতে নাজানেও৷ কিন্তু কুখ্যাতিৰ মধ্যগগনত থকা দিনতেই কুশল দুৱৰী দুবাৰ শিৱসাগৰৰ কাষৰ থাওৰা সমষ্টিত নিৰ্দলীয় বিধায়ক হিচাপে নিৰ্বাচিত হৈছে৷ মুখ‍্যমন্ত্ৰীয়ে কুশল দুৱৰীক এইবাৰ সন্ত্ৰাসৰ পূৰ্ণ স্বাধীনতা দি ফিল্ডত নমাই দিছিল যাতে অখিল গগৈয়ে শিৱসাগৰ এৰি লৰচৰ কৰিব নোৱাৰে৷ আমি কেনে এক সন্ত্ৰাসমূলক পৰিস্থিতিত কাম কৰিছিলোঁ, সময় তাৰ সাক্ষী। বিজেপিৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত টকাৰ ঢল বোৱাই দিছিল।অখিল গগৈক বিজেপিয়ে জিকালে বুলি গাজাখুৰী গল্প ৰচোতাবোৰে নিৰ্বাচনী বাস্তৱতা একো নাজানে৷ আৰু জানিলেও উদ্দেশ্যপ্ৰণোদিতভাৱে অখিল গগৈক ৰাজনৈতিকভাৱে হত্যা কৰাৰ লক্ষ্যৰে এনে সন্মিলিত কুৎসা ৰটনাত লিপ্ত হৈ আছে৷
কংগ্ৰেছে অখিল গগৈক জিকালে৷ বিজেপিয়ে অখিল গগৈক জিকালে৷ অখিল গগৈয়ে তেন্তে কি ঘোঁৰাৰ ঘাঁহটো কাটি আছিল? এই নিৰ্বোধ কুচক্ৰীসকলে শিৱসাগৰ সমষ্টিৰ গাঁৱৰ ৰাইজৰ মাজত গৈ খবৰ ল’লেই গম পাব অখিল গগৈ তেওঁলোকৰ বাবে কি? MLA নে ঘৰৰ ল’ৰা? বিজেপি, এজিপি, কংগ্ৰেছ, কমিউনিষ্ট, ৰাইজৰ দলৰ বাছ-বিচাৰ নকৰাকৈ অখিল গগৈয়ে এক বহল আৰু মুকলি মন লৈ সকলোকে সহায় কৰিবলৈ সদা তৎপৰ৷ দিনৰ পৰা আৰম্ভ কৰি শেষ ৰাতি ৩-৪ টা লৈকে তেওঁ দল-মত নিৰ্বিশেষে সকলো ৰাইজৰ বাবে উপলব্ধ৷ অনবৰতে ব্যক্তিগত আৰু সামাজিক জীৱনৰ মাজত প্ৰভেদ নৰখাকৈ তেওঁ জনতাৰ মাজৰ এজন হৈ তেওঁলোকৰ লগত মিলি থাকে৷ বিধানসভাত অখিল গগৈৰ প্ৰতিবাদী বা কাৰ্যকৰী ভূমিকাই মানুহবোৰক অখিল গগৈ কোন সকলো সময়তে মনত পেলাই থাকে। তাতে বিৰোধী বিধায়ক হিচাপে উন্নয়নৰ তালিকাখনো দীঘলীয়া। তাতে আছে অখিল গগৈৰ অভিজ্ঞতাপুষ্ট ৰণকৌশল আৰু ৰাইজৰ দলৰ নিজস্ব উৎসৰ্গিত বাহিনী। বিজেপিৰ সংগঠন যিমান, ৰাইজৰ দলৰো কম নহয়। ফেচবুকৰ চক্ৰান্তকাৰীসকলে নাজানে যে অখিল গগৈক দিয়া তেওঁলোকৰ হাজাৰ অভিশাপ শিৱসাগৰ গৈ নাপায়গৈ। তেওঁলোকৰ এনেবোৰ গাজা গল্পই শিৱসাগৰত অখিল গগৈক দুৰ্বল নকৰে৷ বৰঞ্চ কোনো ক্ষেত্ৰত সেইবোৰো ৰাইজৰ দলে নিৰ্বাচনী ৰণনীতিত ব‍্যৱহাৰ কৰে। ফেচবুকত সমাজ বিচ্ছিন্ন বীৰসকলে ভাবি থকাৰ দৰে জনতা মুৰ্খ নহয়৷ জনতাই সকলো জানে, কাক জিকাব লাগে, কাক হৰুৱাব। কংগ্ৰেছৰ যোৱাবাৰৰ প্ৰাৰ্থীজনে বিজেপিৰ পৰা উপহাৰ লৈ অখিল গগৈৰ বিৰুদ্ধে সৰ্বশক্তি প্ৰয়োগ কৰিও কামত নাহিল। প্ৰদীপ হাজৰিকাক অখিল গগৈৰ ভোট কটা প্ৰাৰ্থী কৰাৰ পৰা বিজেপিৰ ভোট কটা প্ৰাৰ্থী কৰিবলৈ ৰাইজৰ দলৰ ষ্ট্ৰেটেজিয়ে কামত দিলে। অখিল গগৈ জিকিল, শত্ৰুসকলৰ মুখত চূণ পৰিল! ফলাফল হ’লগৈ—অখিল গগৈক কোনে জিকালে ?

2 weeks ago | [YT] | 28

Rudra Bhuyan

অখিল গগৈৰ বাবে.....
https://youtu.be/_VFX_ZfXJvs?si=70-AF...

3 weeks ago | [YT] | 0