Hello — I am Riyan Gayan.
I am a fan of Rock ’n’ Roll like you — and I add Jazz, Blues, and a psychedelic push on top of it because that’s simply my idea of fun.
In college, I started a band. It didn’t last.
Study pressure, middle-class realities, and life happened. Dreams were postponed, not buried.
Today, I create music using modern digital intelligence. No physical human vocals, no physical instruments. What you hear is my imagination, my taste, and my emotion — with technology as my tool.
I’m not replacing musicians. I’m finally making the music that has lived in my head for years — my own playlist to headbang to. No offense, only expression.
Long Live Rock. 🤘
I’m also working on my philosophy paper — “THE SACRED HUMAN.”
If you hate AI music, criticize me boldly.
I’ve got nothing to lose — and everything to express.
Reach me on Instagram:
👉 above_good_and_evil
ROCK STUDIO
Sometimes Pain Rejections and Every difficulties must be considered as a part of life without attaching meaning to it
1 week ago (edited) | [YT] | 9
View 1 reply
ROCK STUDIO
“পঁইতাচোৰাই কাৰো মৰম নাপায়, তথাপিও জীয়াই থাকে।”
“অন্ধকাৰত থাকিও সি নিজৰ পথ বিচাৰি লয়।”
“মানুহে ঘিণ কৰে, কিন্তু পঁইতাচোৰাই কেতিয়াও হাৰ নামানে।”
🔥 নতুন গান এটা আহি আছে...
🎸 “মোৰ মৰমৰ COCKROACH”
— Riyan Gayan
1 month ago | [YT] | 34
View 1 reply
ROCK STUDIO
অচিৰেই লগ পাম সকলোকে 🙏🏼🙏🏼
1 month ago | [YT] | 24
View 4 replies
ROCK STUDIO
বেছি কথা নকওঁ, অকল আপোনা সৱক THANKS দিয়াৰ মন। লগ পাম। দেওবাৰ। হ'বনে? #rockstudio #ফেমিলি
1 month ago | [YT] | 36
View 7 replies
ROCK STUDIO
Hello Guys , Do you all want A Hindi Album by UNCLE ROBINSON, ITS ALL ABOUT CELEBRATING 10K ROCK STUDIO FAMILY . Vote For It , Thank You❤️
1 month ago | [YT] | 0
View 1 reply
ROCK STUDIO
মোৰ বাবে “প্ৰেম”ৰ কোনো কঠোৰ সংজ্ঞা নাই।
কেতিয়াবা বৰষুণত ভিজিছোঁ,
দোকান এখনত সোমাই চাহ-চিংৰা খাইছোঁ,
ৰাতি শুই থাকোঁতে হঠাতে উঠি
কিছুমান গানৰ থিম বিচাৰি পালোঁ—
সেইবোৰেই হয়তো মোৰ বাবে প্ৰেম।
সেই বাবেই এটা হৃদয়স্পৰ্শী লাভ থিম লৈ
মোৰ খুৰা, শিল্পী হিৰণ্য কুমাৰ গায়নৰ লিখনী
আৰু মোৰ সংগীতত প্ৰস্তুত—
A LOVE SONG ❤️
Click and show some LOVE -
https://youtu.be/YDiIsr0WcW4?si=vZrGP...
2 months ago (edited) | [YT] | 35
View 0 replies
ROCK STUDIO
সেই দিনবোৰ
বন্ধু… মনত আছেনে আমাৰ ল’ৰালিৰ সেই দিনবোৰ?
পথাৰৰ মাজত ক্ৰিকেট খেলি থকা সেই দিনবোৰ…
গৰমৰ দিনত আইতাৰ কাষত বহি সাধু শুনা সেই সন্ধিয়াবোৰ…
দেওবাৰে টিভিৰ আগত বহি মহাভাৰত, শক্তিমান চোৱাৰ সেই উচাহভৰা সময়বোৰ…
এক টকাৰ বৰফ খাই যি অপাৰ আনন্দ পাইছিলোঁ, সেয়া আজি ক’ত?
ইণ্ডিয়াৰ খেল হ’লে গোটেই পৰিয়ালৰ সৈতে বহি চিঞৰি চিঞৰি উপভোগ কৰিছিলোঁ…
তেতিয়া মোবাইল নাছিল, ইন্টাৰনেট নাছিল,
কিন্তু আনন্দবোৰ আছিল সীমাহীন।
সৰু সৰু কথাতেই হৃদয় ভৰি উঠিছিল।
আজিও কেতিয়াবা সেই দিনবোৰ মনত পৰিলে
বুকুখন অলপ গধুৰ হৈ পৰে…
মনত পৰে — জীৱনৰ আটাইতকৈ ধুনীয়া সময়বোৰ
হয়তো সেই ল’ৰালিৰ দিনবোৰেই আছিল।
মোৰ নতুন গান “সেই দিনবোৰ”
এই স্মৃতিবোৰৰেই এক সুৰীয়া যাত্ৰা।
এবাৰ শুনি চাবচোন…
হয়তো আপোনাৰো ল’ৰালিৰ কোনোবাটো স্মৃতি
আজি পুনৰ জীৱন্ত হৈ উঠিব। 🎸
🎧 গানটো শুনক —
2 months ago | [YT] | 73
View 2 replies
ROCK STUDIO
শুভ খবৰ ❤️
“ভাল সময়” আজি মুক্তি পাব।
গানটোত এটা বিশেষ উক্তি
"ঘড়ীৰ দোকান এখনত সোমালোঁ আৰু সুধিলোঁ—
বিক্ৰী কৰেনে ইয়াত 'ভাল সময়'?"
ব্যৱহাৰ কৰাক লৈ অলপ সমস্যাৰ সৃষ্টি হৈছিল। আচলতে সেই কথাখিনিৰ গভীৰতাই মোৰ হৃদয় ইমানেই স্পৰ্শ কৰিছিল যে তাৰেই অনুপ্ৰেৰণাৰে মই এই গীতটো সৃষ্টি কৰিছিলোঁ। মই ভাবোঁ এয়া অতি স্বাভাৱিক—আমি শিল্পীসকলে প্ৰকৃতি, আকাশ, মাটি বা আনৰ সুন্দৰ সৃষ্টিৰ পৰাও অনুপ্ৰেৰণা লওঁ। Inspiration লোৱা মানে কপি কৰা নহয়—ই এক অনুভৱৰ যোগসূত্ৰহে।
মোৰ গানবোৰতো এনেকুৱা বহু শব্দ বা উক্তি থাকে যিবোৰ মোৰ জীৱনৰ অভিজ্ঞতা আৰু চিন্তাৰ পৰা আহে। মোৰ নিজৰো বহুতো মৌলিক ধাৰণা আছে যিবোৰ মই মোৰ সৃষ্টিত ব্যৱহাৰ কৰোঁ। এজন শিল্পী হিচাপে মই বিশ্বাস কৰোঁ যে সৃষ্টিশীলতাৰ স্বাধীনতা সকলোৰে আছে ।
সেইবাবে, কোনো ধৰণৰ আপোচ নকৰাকৈ মই সেই বিতৰ্কিত অংশটো আঁতৰাই দিছোঁ আৰু আজি গানটো নতুনকৈ Re-upload কৰিম।
“ভাল সময়”ৰ বাবে আপোনালোকৰ মৰম আৰু Support-ৰ বাবে অশেষ ধন্যবাদ।
Peace ✨
আপোনালোকৰ,
ৰিয়ান গায়ন
3 months ago | [YT] | 40
View 4 replies
ROCK STUDIO
আমি সকলো মধ্যবিত্ত ল’ৰা-ছোৱালী…
সপোন আছে, ডাঙৰ সপোন… কিন্তু তাৰ লগে লগে দায়িত্বও আছে।
কেতিয়াবা মনে কান্দে…
কেতিয়াবা জীৱনটো বহুত কঠিন লাগে…
তথাপিও আমি থমকি নৰওঁ।
কাৰণ এইটোয়ে আমাৰ জীৱন—
বেদনাৰে ভৰা, কিন্তু সত্য।
অন্ততঃ জীয়াই থাকিব লাগিব…
সপোনবোৰ জীয়াই ৰাখিব লাগিব।
আগন্তুক কাইলৈ এটা নতুন গান আহি আছে —
“মই এটা মধ্যবিত্ত ল’ৰা”
Uncle Robinson ৰ পৰা…
আশা কৰোঁ, এইটো আপোনাৰ জীৱনৰ এটা অংশ হৈ পৰিব। ❤️
3 months ago (edited) | [YT] | 66
View 5 replies
ROCK STUDIO
🎹 প্ৰতিটো সুৰতে আপোনালোকৰ আশীৰ্বাদ...
দেখা দেখি কৈয়ে আজি দুমাহ পাৰ হৈ গ’ল। মাথোঁ ৬০টা দিনৰ আগতে আৰম্ভ হোৱা আমাৰ এই **‘Rock Studio’**ৰ যাত্ৰাটোৱে যে আজি ৮০০০ জনীয়া এটা বিশাল পৰিয়ালৰ মৰম বুটলি ল’ব, সেইয়া মোৰ বাবে এতিয়াও এটা সপোন যেন লাগে। 🥺
সঁচা ক’বলৈ গ’লে, মই অকলে একো নহয়। আপোনালোকৰ মৰম আৰু অলপ সাহসৰ বাবেই আজি মই মোৰ গীতবোৰক আপোনালোকৰ মাজলৈ লৈ যাবলৈ সক্ষম হৈছোঁ। মোৰ প্ৰতিটো শব্দ, প্ৰতিটো সংগীতৰ আঁৰত আপোনালোকৰ অনুপ্ৰেৰণা সোমাই আছে। যিসকলে মোৰ কামক আদৰি লৈছে, ভুলবোৰ আঙুলিয়াই দিছে আৰু মোক আগুৱাই যাবলৈ সাহস দিছে— সেই সকলোৰে ওচৰত মই চিৰকৃতজ্ঞ। 🙏✨
আশা কৰোঁ, আগলৈও আপোনালোকক মোৰ সংগীতৰ সৈতে এনেদৰেই কাষত পাম। 🎸❤️ মোৰ পৰৱৰ্তী গীতটোৰ বাবে মই প্ৰস্তুতি চলাই আছোঁ। কিন্তু এইবাৰ মই জানিব বিচাৰো আপোনালোকৰ পছন্দ!
তলত দিয়া সকলৰ ভিতৰত কাৰ সংগীত আপোনালোকে নেক্সট শুনিব বিচাৰে?
3 months ago | [YT] | 14
View 4 replies
Load more