I am an actor, storytellerand trainer. From N.S.D
মই পাপৰি - এগৰাকী অভিনেত্ৰী, কাহিনী কথক আৰু জীৱনশৈলী প্ৰশিক্ষক ৷ ব্যক্তিগত ভাবে বিশ্বাস কৰো যে কাহিনী বা নাটক সকলোতে থাকে৷ আমি প্ৰত্যেকেই এজন এজন কাহিনীকাৰ, কথক৷ বাহিৰত কিবা ঘটনা ঘটিল কি নঘটিল আমাৰ মনত কাহিনীৰ সৃষ্টি হ'লই৷ আৰু স্বাভাবিক ভাবে, আমাৰ পক্ষ সদাই শুদ্ধ৷ বহুসময়ত একে কাহিনীৰ বেলেগ পক্ষও যে থাকিব পাৰে সেয়া আমি পাহৰিয়ে যাওঁ৷
কাহিনী কথন, কথোপকথন (Performed Conversations) কৰ্মশালা আদিৰ যোগেদি যিকোনো এটা বিষয়ক বিভিন্ন দিশৰ পৰা চালিজাৰি চোৱা আমাৰ উদ্দেশ্য৷ লগতে নিজৰ সপোনৰ বাটৰ বাধাসমুহ আতৰাবলৈ, কঠিন মুহুৰ্তত সঠিক সিদ্ধান্ত লবলৈ, বা সম্পৰ্কৰ জটিলতা আতৰাবলৈ নিজক কিদৰে প্ৰস্তুত কৰিব পাৰি তাৰবাবে মই বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত পাঠদান, চেমিনাৰ , কৰ্মশালা আদি কৰি আহিছো৷ চাৰিওকাষৰ পৰিবেশৰ প্ৰতি সজাগতা সৃষ্টিৰে কেনেকৈ নিজৰ জীৱন সুচল কৰিব পাৰি সেয়াও প্ৰশিক্ষণৰ অন্যতম অংশ৷

Our facebook page link www.facebook.com/performedcon...