নমস্কাৰ,🙏
এই চেনেলটি এটা শিক্ষা সম্বন্ধীয় চেনেল। ইয়াত প্রথম শ্রেণীৰ পৰা আৰম্ভ কৰি দশম শ্রেণীৰ পাঠ্যপুথিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰা হ'ব লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাত অহা প্ৰশ্নোত্তৰসমূহ আলোচনা কৰা হ'ব।
আশাকৰো সকলো ছাত্ৰ-ছাত্ৰী এই চেনেলটোৰ যোগেদি উপকৃত হ'ব।
সকলোৱে যেন চেনেলটো subscribe, like, share কৰে। 🙏
ধন্যবাদ 🙏
Kirankumar Biswas
জগন্নাথ মন্দিৰৰ প্ৰসাদ 🙏
#jayjagannath #প্ৰসাদ #জগন্নাথবাবা #prasad #kirankumarbiswas #picturechallenge
1 month ago | [YT] | 3
View 0 replies
Kirankumar Biswas
✅ ছবিত দিয়া গুটি বিধ হৈছে মনিছাল গছৰ গুটি l এইবিধৰ বিষয়ে স্কুলত পঢ়োঁতে আমাৰ ছাৰ- বাইদেউসকলৰ মুখত বহুত শুনিছোঁ আৰু কিতাপতো পঢ়িছোঁ কিন্তু নিজ চকুৰে দেখা নাছিলো l আজি এজন ব্যক্তিৰ ওচৰত দেখা পাই সৰগ ঢুকি পোৱাৰ দৰে লাগিল l এইবিধৰ বিষয়ে কিছু নেটৰ পৰা অধ্যয়ন কৰাৰ লগতে দুই এজনৰ পৰা জানি বুজি লৈ তলত এইবিধৰ বিষয়ে দুটা মান কথা লিখাৰ চেষ্টা কৰিছো l আপোনালোকৰ ওচৰত এইবিধৰ বিষয়ে কিবা তথ্য থাকিলে নিশ্চয় comment কৰি জনাব l
✅ অসমীয়াত = মনিছাল
📌 বাংলাত = ৰিঠা
📌 মিচিং = হাইটা গুটি
📌 ইংৰাজী = Indian soapberry বা Washnut বুলি
কয় l
📌 বৈজ্ঞানিক নাম = Sapindus mukorossi
📌 এইবিধ উদ্ভিদ sapindaceae পৰিয়ালৰ হয় l
✅ ব্যৱহাৰ: - পূর্বে চাবোন আবিস্কাৰ হোৱাৰ আগতে মানুহে এই মনিছালৰ গুটি কাটি পানীত তিয়াই থৈছিল আৰু আজি কালি আমি ডিটাজেণ্ট ব্যৱহাৰ কৰাৰ দৰে কাপোৰ ধুৱাত ব্যৱহাৰ কৰিছিল l
✅ বহুতে এইবিধক চুলিত হোৱা উফি, উকনী নির্মূল কৰিবলৈ মূৰ ধোৱা কামত ব্যৱহাৰ কৰিছিল l
✅ চালৰ সমস্যাৰ বাবেও বহুত উপকাৰী বুলি কোৱা হয় l
✅ ইয়াক পতংগ ৰোধক হিচাপেও ব্যৱহাৰ কৰা হয় l
🙏 ধন্যবাদ 🙏
.
.
.
.
.
.
.
.
.
.
.
.
.
.
#মনিছাল #গছৰগুটি #অসম #শিৱসাগৰ #plants #washnut
2 months ago | [YT] | 0
View 0 replies
Kirankumar Biswas
মোৰ পিতৃৰ বিয়োগ ঘটিল যোৱা 5 নবেম্বৰ তাৰিখে l উক্ত দিনটোৰ কিছুদিন পিছত এজন বয়স্ক ব্যক্তি আমাৰ ঘৰলৈ আহি দেউতাৰ খবৰ ল'লে l মানুহজন আমাৰ চিনাকি আছিল যদিও আগে পিচে আমাৰ ঘৰলৈ অহা মোৰ মনত নাই l তেওঁ আহি দেউতাৰ খবৰ ল'লে আৰু কলে যে " তোমাৰ দেউতা পঢ়াত খুউব চোকা আছিল l তেওঁ মোক মই পঞ্চম,6 ত পঢ়ি থাকোঁতে মোক পঢ়াইছিল l" কবলৈ গ'লে কথাটো একেবাৰে সৰু কথা যেন লাগে যে ইমান দিন হ'ল l সেই মানুহজন প্রায় বৃদ্ধ হ'ল l হলেও তেওঁৰ সেই পঞ্চম শ্রেণীত tuition পঢ়োঁৱা শিক্ষক জনক মনত ৰাখিছে l তেওঁক শেষ বাৰৰ বাবে চাবলৈ আহিছে l সেইদিনাই মই মোৰ মাক কলো যে মইও যাতে এনেদৰে ল'ৰা ছোৱালীক পঢ়াম মোৰ মৃত্যুৰ সময়ত এজন হলেও মোৰ ছাত্ৰ বা ছাত্ৰীক পাও আৰু তেওঁ কয় এইজনে মোক পঢ়াইছিল l
🙏 ধন্যবাদ 🙏
🟢 ফটোত দেউতাই আমাৰ অসমীয়া বছৰৰ শেষৰ দিনত পিতৃ-পুৰুষলৈ ভোগ আগবঢ়োৱা সময়ত তোলা l 2020 চনৰ এপ্রিল মাহৰ 13 তাৰিখৰ কথা l
.
.
.
.
.
#father #loveoffather #myfather #sivasagar #assam #kirankumarbiswas
2 months ago (edited) | [YT] | 0
View 0 replies
Kirankumar Biswas
✅ আগন্তুক ব'হাগ তথা বাপতিসাহোন ব'হাগ বিহুৰ বাবে বিহুৱান প্ৰস্তুতকৰণত ব্যস্ত হৈ আছে আমাৰ এগৰাকী বাইদেউ l
✅ তেওঁৰ অনুমতি লৈ তাঁতশালৰ এখন ফটো তুলি ৰখা হয় l
✅ বর্তমান সময়ত আমাৰ নতুন সকলে এই কৰ্ম খিনিৰ পৰা আঁতৰি থকা দেখা যায় l
আমাৰ নতুন সকলে পুনৰ এই কৰ্ম খিনি কৰিবলৈ আগ বাঢ়ি আহিব লাগিব l
2 months ago | [YT] | 0
View 0 replies
Kirankumar Biswas
📌 আজি 3 মাৰ্চ 2026
🟢 বিশ্ব বন্য প্রাণী দিৱস (World Wildlife Day )
⭕ আৰম্ভণি:- 2013 চনৰ 20 ডিচেম্বৰ তাৰিখে National Unionৰ সাধাৰণ সভাই 3 মার্চ তাৰিখটো এই দিৱস হিচাপে নির্ধাৰণ কৰে l
উদ্দেশ্য: - ✅ বন্য প্রাণী আৰু উদ্ভিদ সম্পর্কে সজাগতা বৃদ্ধি কৰা আৰু সংৰক্ষণ কৰা l
✅ এইবাৰৰ theme:- Spotlight the vital contributions of medicinal and aromatic plants to human health,cultural heritage,livelihoods and ecosystem.
🟢 ৰঙৰ উৎসৱ হোলী (Holi) l
🟢 চন্দ্ৰ গ্ৰহণ ( Lunar eclipse )
.
.
.
.
.
.
.
.
.
.
.
.
.
.
#GeneralKnowledge #todays_facts #india #followersシ゚
2 months ago | [YT] | 0
View 0 replies
Kirankumar Biswas
বান্দুলী ফুল গছ
2 months ago | [YT] | 0
View 0 replies
Kirankumar Biswas
✅ বুট মাহ গছ আৰু তাৰ ফল বুট l
✅ অসমীয়া নাম: - বুট l
✅ ইংৰাজী নাম: - Chickpea বা Gram
✅ বৈজ্ঞানিক নাম: - Cicer arietinum
✅ পৰিয়াল: - Fabaceae
.
.
.
.
.
.
.
#বুট #মাহ #gram
2 months ago | [YT] | 1
View 0 replies
Kirankumar Biswas
✅ আজি 22 ডিচেম্বৰ, ৰাষ্ট্রীয় গণিত দিৱস l
✅ ভাৰতীয় গনিতজ্ঞ শ্রীনিবাস ৰামানুজন আয়েংগাৰক আজি জন্মদিন l যাৰ জীৱনৰ উদ্দেশ্যয়ে আছিল গণিত চৰ্চা কৰা l তেওঁক "The man who knew infinity" বুলি জনা যায় l তেওঁৰ সংগ্রামে ভৰা জীৱনৰ বিষয়ে আমি অধ্যয়ন কৰি শিকিবলগীয়া বহু কথাই আছে l
✅ তেওঁৰ জন্ম হৈছিল তামিলনাডুৰ ইৰোড নামেৰে ঠাইত 1887 চনৰ 22 ডিচেম্বৰ তাৰিখে l
✅ পিতৃ :- কুপ্পস্বামী আয়েংগাৰ,এখন কাপোৰ দোকানৰ কর্মচাৰী হিচাপে কৰ্ম কৰিছিল l
✅ মাতৃ: - কোমলটস্মল ,এগৰাকী সহজ-সৰল ,ধৰ্মপ্রাণ মহিলা আছিল l
✅ শ্ৰী আয়েংগাৰে গণিতৰ বহু জটিল জটিল সমস্যা বহু সহজতে সমাধান কৰিব পাৰিছিল l এই কাম তেওঁ বহু কম বয়সৰ পৰায়ে কৰিব পাৰিছিল l
✅ এই বিস্ময় গাণিতিক প্রতিভাৰ অধিকাৰী ব্যক্তি জনে 1920 চনৰ 26 এপ্রিল তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে l
✅ গণিত ভাল পোৱা সকলোলৈকে এই দিৱসৰ বহু শুভ কামনা জনালোঁ💐 l লগতে গণিত ভাল নোপোৱা সকলোলৈ এই দিৱসৰ শুভ কামনা, কাৰণ আমি গণিতৰ পিছ এৰি দিলেও গণিতে আমাৰ পিচ নেৰে l ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱা লৈকে, কেৱল গণিতে গণিত l
.
.
.
.
.
.
.
#math #nationalmathday #sriniwasramanujonayenger #loveformathematics #india
4 months ago | [YT] | 1
View 0 replies
Kirankumar Biswas
Who is known as "iron man" of India ?
3 years ago | [YT] | 0
View 0 replies
Kirankumar Biswas
Science Quiz @edu247assam
#edu #education #quiz #gk #science #assam
3 years ago | [YT] | 0
View 0 replies
Load more