RAM Narayan Saikia

5.3K Subscribers | 1600+ Videos
"চিৰ চেনেহী মোৰ ভাষা জননী"
জয় আই অসম 🙏
"The roots of education are bitter, but the fruit is sweet."
"শিক্ষাৰ ঘাই শিপাডাল বৰ তিতা, কিন্তু ইয়াৰ ফলবোৰহে বৰ মিঠা।" 👩‍🏫
শিক্ষা হৈছে সকলো সম্পদৰ মূল।
সাহিত্য, সংস্কৃতি, নৃত্য-গীত, খেল-ধেমালি, খেতি-পথাৰৰ শস্য, নদ-নদী, পাহাৰ-পৰ্বত, মন্দিৰ-নামঘৰ, গাওঁ-চহৰ, গছ-গছনি, চৰাই-চিৰিকতি - এই সকলোবোৰ প্ৰকৃতিৰ শিক্ষাৰ অবিচ্ছেদ্য অংগ।
সেইকাৰণে আমাৰ Family YouTube Channel টো এই সকলো বিষয়ৰ ওপৰত ভিত্তি কৰি Long Videos, Shorts আৰু Vlogs Upload কৰা হয়।
🎯 আমাৰ Content:
✓ Educational Programs | শিক্ষামূলক অনুষ্ঠান
✓ Cultural Programs | সাংস্কৃতিক অনুষ্ঠান
✓ Religious Programs | ধৰ্মীয় অনুষ্ঠান
✓ Child Programs | শিশু অনুষ্ঠান
✓ Yoga Classes | যোগাসন
✓ Dance & Music Videos | নৃত্য-গীত
✓ Rural Agricultural Videos | কৃষি ভিত্তিক ভিডিঅ’
✓ Assamese Cartoons & Animations
📍 Location: Sibasthan Jatiya Bidyalaya, Nagaon Assam
Subscribe কৰি আমাৰ পৰিয়ালৰ অংশ হওক ❤️
জয় আই অসম | জয় গুৰু শংকৰ
👉 Channel Handle: @RamNarayanSaikia




RAM Narayan Saikia

Assalamu alaikum everyone. On behalf of Sibasthan Jatiya Bidyalaya Senior Secondary School family, I extend heartiest greetings and best wishes to all the Muslim brothers and sisters around the world on the holy month of Ramadan and the sacred Roza. I also offer prayers to Allah for the well-being of all. Assalamualaikum. Sibasthan Jatiya Bidyalaya #Assalamu__alaikum__everyone #Assalamualaikum
.
.
.
#Assalamu__alaikum__everyone আমাৰ Sibasthan Jatiya Bidyalaya Senior Secondary School ৰ পৰিয়াল বৰ্গৰ তৰফৰ পৰা বিশ্বৰ সমূহ ইছলাম ধৰ্মী ৰাইজলৈ পবিত্ৰ ৰমজান মাহৰ পবিত্ৰ ৰোজাৰ বহুত বহুত আন্তৰিক শুভেচ্ছা ও শুভকামনা জনোৱাৰ লগতে আল্লাহর ওচৰত সকলোৰে মংগলৰ বাবে দোৱা প্ৰাৰ্থনা জনালোঁ
.
.
.
.
@highlight

4 months ago | [YT] | 9

RAM Narayan Saikia

Free Coaching Class

4 months ago | [YT] | 6

RAM Narayan Saikia

Hi everyone, welcome to my new YouTube Community! Now you can post on my channel, too. To get started, tell me in a post what you'd like to see next on my channel.
Visit my Community: youtube.com/@RAMNarayanSaikia/community #JusticesForZubeenGarg

4 months ago | [YT] | 7

RAM Narayan Saikia

🙏আজিৰ বিষয়বস্তু - *এজন শিক্ষক বা এগৰাকী শিক্ষয়িত্ৰীয়ে নৃত্য-গীত কৰিব পাৰেনে নোৱাৰে?

লিখনি - ✍️ মোৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ পৰা লিখিবলৈ চেষ্টা কৰিছোঁ ✍️

প্ৰথম কথাত কবলৈ গলে নৃত্য-গীত হৈছে আমাৰ মনৰ আনন্দ লগত জড়িত এক সুন্দৰ বিষয় , যিয়ে আমাক সৰগৰ অনুভূতি প্ৰদান কৰে নহয়নে বাৰু ?

🔱মহাদেৱ শিৱক আমি সকলোৱে নটৰাজ বুলি অভিহিত কৰোঁ 🔱

কামদেৱে নৃত্যৰ জড়িয়তে মহাদেৱ শিৱৰ তপস্যা ভংগ কৰি এই পৃথিৱী খনক দানৱৰ পৰা ৰক্ষা কৰিছিল 🤔

ভগৱান শ্ৰীবিষ্ণুয়ে মোহিনী ৰূপ ধৰি সুন্দৰ নৃত্য কৰি দানৱৰ পৰা অমৃত কাঢ়ি আনি দেৱতা সকলক খোৱায় অমৰ কৰিছিল ।

ভগৱান শ্ৰীকৃষ্ণয় ৰাস-নৃত্যৰ জড়িয়তে গোপী সকলৰ মন জয় কৰিছিল 🙏

আমাৰ জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাই সত্ৰীয়া নৃত্য -গীতৰ জড়িয়তে এক শৰণ নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল 🙏

ইয়াৰ উপৰিও বিষ্ণুপ্ৰসাদ ৰাভাদেৱে নটৰাজ নৃত্য প্ৰদৰ্শন কৰি কলাগুৰু উপাধি লাভ কৰিছিল 🙏

ইয়াৰ উপৰিও বৰ্তমানৰ যুৱ প্ৰজন্মৰ সকলোৰে হিয়াৰ আমঠু জুবিন দা য়েও তেওঁৰ নৃত্য-গীতৰ মাজেৰে পৃথিৱীৰ সকলো ঠাইতে আমাৰ অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে নহয়নে বাৰু ?

তদুপৰি নিৰ্বাচনৰ সময়ত দেশৰ সন্মানীয় নেতা সকলেও ঠায়ে ঠায়ে নৃত্য-গীতৰ মাধ্যমেৰে জনসাধাৰণৰ মন জয় কৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা যায় ।

আদিতে দেৱতা সকলে , স্বয়ং ভগৱানে আৰু পৃথিৱীৰ সকলোৱে যদি নৃত্য-গীত কৰিব পাৰে তেনেক্ষেত্ৰত এজন শিক্ষক-শিক্ষয়িত্ৰীয়ে নৃত্য- গীত কৰিব নোৱাৰাৰ কোনো কাৰণ থাকিব নালাগে 🤔

মোৰ ব্যক্তিগত মতে নৃত্য-গীত হৈছে ছাত্ৰ-ছাত্ৰী ৰ শিক্ষাৰ এক উত্তম উপায় 🙏 আমি মাজে সময়ে বিদ্যালয়ত নৃত্য-গীতৰ অনুষ্ঠান বোৰ পালন কৰি থকাটো উচিত 🙏

শিক্ষক-শিক্ষয়িত্ৰী সকল যিহেতু সমাজৰ পথ প্ৰদৰ্শক সেই গতিকে তেওঁ লোক মাৰ্জিত হোৱা উচিত 🙏তেওঁ লোকে নৃত্য-গীত কৰাত কাৰো আপত্তি নাই যদিও তেওঁ লোকৰ নৃত্য-গীত গঠনমূলক আৰু মাৰ্জিত হোৱা উচিত 🙏
.
.
.
.
.
.
#teacherlife
#teachers
#abcd
#anybodycandance
#goodnight
#positivemindset
#alliswell
#bepositive
#thankyou
@highlight

11 months ago | [YT] | 6

RAM Narayan Saikia

আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল -

🙏গুৰুপূৰ্ণিমা🙏
✍️গুৰু ব্ৰহ্মা
🔯 গুৰু বিষ্ণু 🔯
🕉️ গুৰু দেৱ মহেশ্বৰা 🕉️
🕉️ আজি পবিত্ৰ গুৰু পূৰ্ণিমা । আমাৰ সনাতন ধৰ্মত গুৰুৰ স্থান আৰু মান ভগৱানৰো ওপৰত 🕉️ সনাতনী সকলে গুৰুক সৃষ্টিকৰ্তা ব্ৰহ্মা, পালনকৰ্তা শ্ৰীবিষ্ণু আৰু সংহাৰকৰ্তা দেৱা দি দেৱ মহাদেৱ শিৱত কৈয়ো ওপৰত স্থান দিয়া হৈছে 🕉️

⚛️আমাৰ এই পূণ্য ভূমি অসমৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু তেওঁ ৰেই প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ দেৱ গুৰু দুজনাক আমাৰ অসমবাসী ৰাইজে ভগৱান শ্ৰীবিষ্ণুৰ স্বৰূপ বুলি মান্যতা প্ৰদান কৰি আহিছে আৰু ভবিষ্যতেই কৰি থাকিব 🕉️
বৰ্তমানে শিক্ষক/শিক্ষয়িত্ৰী সকলকো আমি গুৰু হিচাপে মান্যতা প্ৰদান কৰিছোঁ । কিয়নো শিক্ষক/শিক্ষয়িত্ৰী সকলে বহু কষ্টৰে ছাত্ৰ/ছাত্ৰীসকলক জ্ঞানৰ চকু প্ৰদান কৰে আৰু যি চকুৰে ছাত্ৰ/ছাত্ৰী সকলে ভবিষ্যতে কি ভাল আৰু কি বেয়া সেই টো বিচৰা কৰি সমাধান কৰিবলৈ সক্ষম হয় 🕉️
আজি মই আৰু মোৰ মানুহজন বৰ সুভ্যাগৱান কিয়নো আমি দুয়ো ব্যক্তিগত ভাৱে হলেও এখন বিদ্যালয়ত শিক্ষক/শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হৈ কণ কণ শিশু সকলক ভবিষ্যতৰ মানৱ সম্পদলৈ ৰূপান্তৰিত কৰাত সহযোগিতা আগবঢ়োৱালৈ সুযোগ লাভ কৰিছোঁ 🕉️
অৱশেষত সকলোৰে গুৰু মংগল হ ওক এই কামনাৰে আজিৰ গুৰু পূৰ্ণিমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ☸️
🕉️🕉️ জয় গুৰু 🕉️🕉️
.
.
.
.
.
.
#jaiguruji
#gurudev
#harharmahadev
#shreegurudevdatta
#shreekrishna
#krishnaguru
#কৃষ্ণ
#sanatandharma
#hindu
#hinduism
@highlight
Dharitri Borah Saikia
Dharitri Saikia Office short video promotion
Sibasthan Jatiya Bidyalaya

11 months ago | [YT] | 6

RAM Narayan Saikia

🙏 আজি বিষয়বস্তু - * জন্ম দিনত Cack কাটিব লাগেনে নাই ? বা জন্ম দিনত আমি Cack কাটিব লাগে নে নালাগে ?*
✍️লিখনি সম্পূৰ্ণ নিজা ব্যক্তিগত অভিজ্ঞতাৰ পৰা

🥞🥞🥮 এজন পিতৃ-মাতৃ হিচাপে নিজৰ সন্তানৰ জন্ম দিনটো উদযাপন কৰাটো এক শাস্ত্ৰত সন্মত বিধি বা নিয়ম ✍️ কিয়নো সেই নিৰ্দিষ্ট দিনটোতেই এজন বা এগৰাকী বিবাহিত পুৰুষ বা মহিলাই পিতৃ মাতৃ হোৱাৰ অধিকাৰ লাভ কৰে , সেই বাবেই আমি সকলোৱে সেই নিৰ্দিষ্ট দিনটোত আমাৰ সন্তানৰ ভবিষ্যত মংগলৰ কাৰণে ভগৱানৰ ওচৰত সেৱা প্ৰাৰ্থনা জনায় আশীৰ্বাদ প্ৰদান কৰিব লাগে 🙏
এতিয়া বিষয় হল সন্তানৰ জন্মদিনত Cack কাটিব পাৰেনে নোৱাৰে ? ইয়াৰ উত্তৰ হল কিয় নোৱাৰিব 🙏 মই সন্তানৰ জন্ম দিনত Cack কটাৰ বিৰোধিতা কৰা নাই বা কেতিয়াও নকৰোঁ , কিয়নো ই হৈছে আধুনিক সমাজ জীৱনৰ এক নতুন পৰম্পৰা 🙏
মই বিৰোধিতা কৰিছোঁ কেৱল Cack কটাৰ সময়ত আমি Cack ৰ ওপৰত সন্তানৰ নামটো লিখি চোকা কটাৰিয়ে টুকুৰা টুকুৰা কৰি কটা আৰু ইয়াৰ উপৰিও পোহৰৰ প্ৰতীক মম বাতি জ্বলাই পিছত মুখেৰে ফু মাৰি নুমুয়াই দিয়াটো মই কোনো দিনে গ্ৰহণ নকৰোঁ 🙏
কিয়নো আমি ভাল কাম এটা কৰিবলৈ গলে ভগৱানৰ ওচৰত চাকি জ্বলাই প্ৰাৰ্থনা জনাওঁ 🙏
কিবা কাৰণত জ্বলি থকা চাকি টো নুমায় গলে অমংগল হয় বুলি ভগৱানৰ ওচৰত পোনৰ ক্ষমা প্ৰাৰ্থনা জনাও 🙏 তেনে ক্ষেত্ৰত সন্তানৰ পবিত্ৰ জন্ম দিনৰ দিনটোত মম বাতি নুমুয়াই Cack কাটি খোৱাটো মোৰ মতে মহাপাপ ,ইয়াৰ ফলত সন্তানৰ মংগলৰ বিপৰীতে অমংগল হে হোৱাৰ সম্ভাৱনা থাকে ।
অতীজৰে পৰাই কিবা ভাল কামত মিঠা বস্ত খোৱাতো আমাৰ পৰম্পৰা ,সেইবাবে মই জন্মদিনত Cack কটাৰ বিৰোধিতা কৰা নাই আৰু কেতিয়াও নকৰোঁ 🙏
যোৱাকালি আমাৰ সকলোৰে অতি মৰমৰ সৰু মাইনাৰ জন্মদিন উপলক্ষে মাইনাৰ খুড়িয়েকে ঘৰতে বনাই দিয়া Cack কাটি মাইনাৰ জন্ম দিন উদযাপন কৰোঁ 🙏
.
.
.
.
.
#realestate
#realfacts
#OurCultureOurPride
#harharmahadev
#OMG
#birthdaycelebration
#birthday
#birthdaycake
#birdphotography
@highlight
Dharitri Borah Saikia
Dharitri Saikia Office short video promotion
Sibasthan Jatiya Bidyalaya

11 months ago | [YT] | 7

RAM Narayan Saikia

Cooking challenge

11 months ago | [YT] | 1

RAM Narayan Saikia

Live Video

11 months ago | [YT] | 1

RAM Narayan Saikia

Live video

11 months ago | [YT] | 1

RAM Narayan Saikia

Live video

11 months ago | [YT] | 2