RAM Narayan Saikia.10KSubscribers

"10K Subscribers - 1.6kVideos"
"চিৰ চেনেহী মোৰ ভাষা জননী"
" জয় আই অসম"
"THE ROOTS OF EDUCATION ARE BITTER, BUT THE FRUIT IS SWEET." "শিক্ষাৰ ঘাই শিপাডাল বৰ তিতা, কিন্তু ইয়াৰ ফলবোৰ হলে বৰ মিঠা ।" 👩‍🏫" শিক্ষা হৈছে সকলো সম্পদৰ মূল।" আৰু সাহিত্য, সংস্কৃতি, নৃত্য-গীত, খেল-ধেমালি আৰু খেতি-পথাৰৰ শস্য ,নদ-নদী, পাহাৰ-পৰ্বত, মন্দিৰ-নামঘৰ, গাওঁ-চহৰ,গছ-গছনি,চৰাই-চিৰিকতি ইত্যাদি বোৰো হৈছে প্ৰকৃতিৰ শিক্ষাৰ এক অবিচ্ছেদ্য অংগ ।
এই কাৰণে মোৰ YouTube channelটো এই সকলোখিনি বিষয় বস্তুৰ ওপৰত ভিত্তি কৰি Long/short and Vlog videos publishing কৰা হয়। Location at
Sibasthan Jatiya Bidyalaya.
This is our Family YouTube channel.
This youtube channel base on Educational programs, cultural programs, Religious programs, child programs, yoga classes, Dance Programs and Music video programs and rural agricultural base videos and Assamese Cartoons and Animations Videos.
@ram narayan Saikia
www.facebook.com/himasri.saikia.773?mibextid=ZbWKw…




RAM Narayan Saikia.10KSubscribers

🙏আজিৰ বিষয়বস্তু - *এজন শিক্ষক বা এগৰাকী শিক্ষয়িত্ৰীয়ে নৃত্য-গীত কৰিব পাৰেনে নোৱাৰে?

লিখনি - ✍️ মোৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ পৰা লিখিবলৈ চেষ্টা কৰিছোঁ ✍️

প্ৰথম কথাত কবলৈ গলে নৃত্য-গীত হৈছে আমাৰ মনৰ আনন্দ লগত জড়িত এক সুন্দৰ বিষয় , যিয়ে আমাক সৰগৰ অনুভূতি প্ৰদান কৰে নহয়নে বাৰু ?

🔱মহাদেৱ শিৱক আমি সকলোৱে নটৰাজ বুলি অভিহিত কৰোঁ 🔱

কামদেৱে নৃত্যৰ জড়িয়তে মহাদেৱ শিৱৰ তপস্যা ভংগ কৰি এই পৃথিৱী খনক দানৱৰ পৰা ৰক্ষা কৰিছিল 🤔

ভগৱান শ্ৰীবিষ্ণুয়ে মোহিনী ৰূপ ধৰি সুন্দৰ নৃত্য কৰি দানৱৰ পৰা অমৃত কাঢ়ি আনি দেৱতা সকলক খোৱায় অমৰ কৰিছিল ।

ভগৱান শ্ৰীকৃষ্ণয় ৰাস-নৃত্যৰ জড়িয়তে গোপী সকলৰ মন জয় কৰিছিল 🙏

আমাৰ জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাই সত্ৰীয়া নৃত্য -গীতৰ জড়িয়তে এক শৰণ নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল 🙏

ইয়াৰ উপৰিও বিষ্ণুপ্ৰসাদ ৰাভাদেৱে নটৰাজ নৃত্য প্ৰদৰ্শন কৰি কলাগুৰু উপাধি লাভ কৰিছিল 🙏

ইয়াৰ উপৰিও বৰ্তমানৰ যুৱ প্ৰজন্মৰ সকলোৰে হিয়াৰ আমঠু জুবিন দা য়েও তেওঁৰ নৃত্য-গীতৰ মাজেৰে পৃথিৱীৰ সকলো ঠাইতে আমাৰ অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে নহয়নে বাৰু ?

তদুপৰি নিৰ্বাচনৰ সময়ত দেশৰ সন্মানীয় নেতা সকলেও ঠায়ে ঠায়ে নৃত্য-গীতৰ মাধ্যমেৰে জনসাধাৰণৰ মন জয় কৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা যায় ।

আদিতে দেৱতা সকলে , স্বয়ং ভগৱানে আৰু পৃথিৱীৰ সকলোৱে যদি নৃত্য-গীত কৰিব পাৰে তেনেক্ষেত্ৰত এজন শিক্ষক-শিক্ষয়িত্ৰীয়ে নৃত্য- গীত কৰিব নোৱাৰাৰ কোনো কাৰণ থাকিব নালাগে 🤔

মোৰ ব্যক্তিগত মতে নৃত্য-গীত হৈছে ছাত্ৰ-ছাত্ৰী ৰ শিক্ষাৰ এক উত্তম উপায় 🙏 আমি মাজে সময়ে বিদ্যালয়ত নৃত্য-গীতৰ অনুষ্ঠান বোৰ পালন কৰি থকাটো উচিত 🙏

শিক্ষক-শিক্ষয়িত্ৰী সকল যিহেতু সমাজৰ পথ প্ৰদৰ্শক সেই গতিকে তেওঁ লোক মাৰ্জিত হোৱা উচিত 🙏তেওঁ লোকে নৃত্য-গীত কৰাত কাৰো আপত্তি নাই যদিও তেওঁ লোকৰ নৃত্য-গীত গঠনমূলক আৰু মাৰ্জিত হোৱা উচিত 🙏
.
.
.
.
.
.
#teacherlife
#teachers
#abcd
#anybodycandance
#goodnight
#positivemindset
#alliswell
#bepositive
#thankyou
@highlight

5 months ago | [YT] | 6

RAM Narayan Saikia.10KSubscribers

আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল -

🙏গুৰুপূৰ্ণিমা🙏
✍️গুৰু ব্ৰহ্মা
🔯 গুৰু বিষ্ণু 🔯
🕉️ গুৰু দেৱ মহেশ্বৰা 🕉️
🕉️ আজি পবিত্ৰ গুৰু পূৰ্ণিমা । আমাৰ সনাতন ধৰ্মত গুৰুৰ স্থান আৰু মান ভগৱানৰো ওপৰত 🕉️ সনাতনী সকলে গুৰুক সৃষ্টিকৰ্তা ব্ৰহ্মা, পালনকৰ্তা শ্ৰীবিষ্ণু আৰু সংহাৰকৰ্তা দেৱা দি দেৱ মহাদেৱ শিৱত কৈয়ো ওপৰত স্থান দিয়া হৈছে 🕉️

⚛️আমাৰ এই পূণ্য ভূমি অসমৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু তেওঁ ৰেই প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ দেৱ গুৰু দুজনাক আমাৰ অসমবাসী ৰাইজে ভগৱান শ্ৰীবিষ্ণুৰ স্বৰূপ বুলি মান্যতা প্ৰদান কৰি আহিছে আৰু ভবিষ্যতেই কৰি থাকিব 🕉️
বৰ্তমানে শিক্ষক/শিক্ষয়িত্ৰী সকলকো আমি গুৰু হিচাপে মান্যতা প্ৰদান কৰিছোঁ । কিয়নো শিক্ষক/শিক্ষয়িত্ৰী সকলে বহু কষ্টৰে ছাত্ৰ/ছাত্ৰীসকলক জ্ঞানৰ চকু প্ৰদান কৰে আৰু যি চকুৰে ছাত্ৰ/ছাত্ৰী সকলে ভবিষ্যতে কি ভাল আৰু কি বেয়া সেই টো বিচৰা কৰি সমাধান কৰিবলৈ সক্ষম হয় 🕉️
আজি মই আৰু মোৰ মানুহজন বৰ সুভ্যাগৱান কিয়নো আমি দুয়ো ব্যক্তিগত ভাৱে হলেও এখন বিদ্যালয়ত শিক্ষক/শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হৈ কণ কণ শিশু সকলক ভবিষ্যতৰ মানৱ সম্পদলৈ ৰূপান্তৰিত কৰাত সহযোগিতা আগবঢ়োৱালৈ সুযোগ লাভ কৰিছোঁ 🕉️
অৱশেষত সকলোৰে গুৰু মংগল হ ওক এই কামনাৰে আজিৰ গুৰু পূৰ্ণিমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ☸️
🕉️🕉️ জয় গুৰু 🕉️🕉️
.
.
.
.
.
.
#jaiguruji
#gurudev
#harharmahadev
#shreegurudevdatta
#shreekrishna
#krishnaguru
#কৃষ্ণ
#sanatandharma
#hindu
#hinduism
@highlight
Dharitri Borah Saikia
Dharitri Saikia Office short video promotion
Sibasthan Jatiya Bidyalaya

5 months ago | [YT] | 6

RAM Narayan Saikia.10KSubscribers

🙏 আজি বিষয়বস্তু - * জন্ম দিনত Cack কাটিব লাগেনে নাই ? বা জন্ম দিনত আমি Cack কাটিব লাগে নে নালাগে ?*
✍️লিখনি সম্পূৰ্ণ নিজা ব্যক্তিগত অভিজ্ঞতাৰ পৰা

🥞🥞🥮 এজন পিতৃ-মাতৃ হিচাপে নিজৰ সন্তানৰ জন্ম দিনটো উদযাপন কৰাটো এক শাস্ত্ৰত সন্মত বিধি বা নিয়ম ✍️ কিয়নো সেই নিৰ্দিষ্ট দিনটোতেই এজন বা এগৰাকী বিবাহিত পুৰুষ বা মহিলাই পিতৃ মাতৃ হোৱাৰ অধিকাৰ লাভ কৰে , সেই বাবেই আমি সকলোৱে সেই নিৰ্দিষ্ট দিনটোত আমাৰ সন্তানৰ ভবিষ্যত মংগলৰ কাৰণে ভগৱানৰ ওচৰত সেৱা প্ৰাৰ্থনা জনায় আশীৰ্বাদ প্ৰদান কৰিব লাগে 🙏
এতিয়া বিষয় হল সন্তানৰ জন্মদিনত Cack কাটিব পাৰেনে নোৱাৰে ? ইয়াৰ উত্তৰ হল কিয় নোৱাৰিব 🙏 মই সন্তানৰ জন্ম দিনত Cack কটাৰ বিৰোধিতা কৰা নাই বা কেতিয়াও নকৰোঁ , কিয়নো ই হৈছে আধুনিক সমাজ জীৱনৰ এক নতুন পৰম্পৰা 🙏
মই বিৰোধিতা কৰিছোঁ কেৱল Cack কটাৰ সময়ত আমি Cack ৰ ওপৰত সন্তানৰ নামটো লিখি চোকা কটাৰিয়ে টুকুৰা টুকুৰা কৰি কটা আৰু ইয়াৰ উপৰিও পোহৰৰ প্ৰতীক মম বাতি জ্বলাই পিছত মুখেৰে ফু মাৰি নুমুয়াই দিয়াটো মই কোনো দিনে গ্ৰহণ নকৰোঁ 🙏
কিয়নো আমি ভাল কাম এটা কৰিবলৈ গলে ভগৱানৰ ওচৰত চাকি জ্বলাই প্ৰাৰ্থনা জনাওঁ 🙏
কিবা কাৰণত জ্বলি থকা চাকি টো নুমায় গলে অমংগল হয় বুলি ভগৱানৰ ওচৰত পোনৰ ক্ষমা প্ৰাৰ্থনা জনাও 🙏 তেনে ক্ষেত্ৰত সন্তানৰ পবিত্ৰ জন্ম দিনৰ দিনটোত মম বাতি নুমুয়াই Cack কাটি খোৱাটো মোৰ মতে মহাপাপ ,ইয়াৰ ফলত সন্তানৰ মংগলৰ বিপৰীতে অমংগল হে হোৱাৰ সম্ভাৱনা থাকে ।
অতীজৰে পৰাই কিবা ভাল কামত মিঠা বস্ত খোৱাতো আমাৰ পৰম্পৰা ,সেইবাবে মই জন্মদিনত Cack কটাৰ বিৰোধিতা কৰা নাই আৰু কেতিয়াও নকৰোঁ 🙏
যোৱাকালি আমাৰ সকলোৰে অতি মৰমৰ সৰু মাইনাৰ জন্মদিন উপলক্ষে মাইনাৰ খুড়িয়েকে ঘৰতে বনাই দিয়া Cack কাটি মাইনাৰ জন্ম দিন উদযাপন কৰোঁ 🙏
.
.
.
.
.
#realestate
#realfacts
#OurCultureOurPride
#harharmahadev
#OMG
#birthdaycelebration
#birthday
#birthdaycake
#birdphotography
@highlight
Dharitri Borah Saikia
Dharitri Saikia Office short video promotion
Sibasthan Jatiya Bidyalaya

5 months ago | [YT] | 6

RAM Narayan Saikia.10KSubscribers

Cooking challenge

5 months ago | [YT] | 0

RAM Narayan Saikia.10KSubscribers

Live Video

5 months ago | [YT] | 0

RAM Narayan Saikia.10KSubscribers

Live video

5 months ago | [YT] | 0

RAM Narayan Saikia.10KSubscribers

Live video

5 months ago | [YT] | 1

RAM Narayan Saikia.10KSubscribers

🙏🔱🔯ভগৱান আৰু মাৰ শ্ৰীচৰণত শত কোটি সেৱা জনাই আজিৰ দিনটো কাৰ্যসূচী সমূহ কৰিবলৈ ওলাইছোঁ ✴️🙏🔱🔯

☑️আজিৰ আলোচনাৰ বিষয় বস্তু - পিতৃ-মাতৃ ☑️
লিখনি-*মোৰ জীৱনৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা*

🔯কোনে কয় ভগৱান নিৰাকাৰ , ভগৱানৰ কোনো ৰূপ নাই , মোৰ মতে আমাৰ পিতৃ-মাতৃয়েই হৈছে এই পৃথিৱীত ভগৱানৰ জীৱন্ত স্বৰূপ , যদি আমি বিচাৰোঁ তেনে হলে আমি আমাৰ পিতৃ-মাতৃৰ শ্ৰীচৰণতেই ভগৱানৰ স্বৰূপ দেখিবলৈ সক্ষম হম
কিয়নো আমি আজি যি মানৱ শৰীৰটো লৈ গৌৰৱ অনুভৱ কৰিছোঁ ,এই জীৱ শ্ৰেষ্ঠ মানৱ শৰীৰটো আমি আমাৰ পিতৃ- মাতৃৰ পৰাই পাবলৈ সক্ষম হৈছোঁ নহয়নে বাৰু ?
মোৰ মতে যিসকল লৰা ছোৱালীয়ে নিজৰ জন্মদাতা পিতৃ-মাতৃক বৃদ্ধ বয়সত অসহায় অৱস্থাত ৰাখি চাৰিধাম ভ্ৰমণ কৰে তেওঁ লোকে মোৰ মতে মহাপাপ কৰে 🔱☑️🙏
বৰ্তমানে কিছুসংখ্যক শিক্ষিত ভদ্ৰ মূখা পিন্ধা লৰা ছোৱালীয়ে নিজৰ জন্মদাতা পিতৃ-মাতৃক বৃদ্ধ বয়সত নিজৰ লগত ৰখাৰ পৰিবৰ্তে বৃদ্ধশ্ৰমত ৰাখাতো বৰ দুৰ্ভাগ্যজনক বিষয় ।
যি পিতৃ-মাতৃয়ে আমাক হাতৰ আঙলিত ধৰি ধৰি খোজ কাঢ়িবলৈ শিকালে ,নিজে নাখাও ভাগৰ ভাল বস্তু খোৱায় আমাক আতি কষ্টৰে ডাঙৰ দীঘল কৰিলে ,সেই সকল পিতৃ-মাতৃক বৃদ্ধ বয়সত অকলশৰীয়া কৈ বৃদ্ধাশ্ৰমত থাকিবলৈ দিয়া টো কিমান যুক্তিসংগত এবাৰ ভাবি চাবচোন 🙏
অৱশেষত সকলোলৈকে এটাই অনুৰোধ জনালোঁ সকলোৱে নিজৰ নিজৰ বৃদ্ধ অসহায় পিতৃ-মাতৃক অলপ সময় আৰু মৰম দিয়ক কাৰণ ইয়াতকৈ কোনো পবিত্ৰ আৰু মহান কাম এই পৃথিৱীত নাই 🙏
সকলোৰে দিনটোৰ মংগল কামনাৰে আজিৰ বিষয়বস্তু সামৰণি মাৰিলোঁ ।
.
.
.
.
.
#goodmorning
#GoodMorningEveryone
#GoodMorningEveryonefollowers
#Godblesseveryone
#mydaddymyhero
#mymom
#MondayMotivation
@highlight
Dharitri Borah Saikia
Dharitri Saikia Office short video promotion
Sibasthan Jatiya Bidyalaya

5 months ago | [YT] | 5

RAM Narayan Saikia.10KSubscribers

🙏 চাকৰি জীৱনত দেওবাৰ গুৰুত্ব 🙏
বিষয় - 👩‍🏫👩‍🎓শিক্ষক/ শিক্ষয়িত্ৰী সকলৰ দৈনন্দিন জীৱনত দেওবাৰৰ মহত্ব আৰু 👫 স্বামী-স্ত্ৰীৰ মাজত কামৰ ভাগবতৰা 👫

এখন সুখৰ সংসাৰ ভাল দৰে পৰিচালনা কৰিবলৈ হলে ,বিশেষকৈ যদি সংসাৰ খনৰ স্বামী -স্ত্ৰী দুয়ো জনেই চৰকাৰী বা বেচৰকাৰী যিকোনো বিভাগত চাকৰি কৰা হয় তেনে হলে সেই সংসাৰ স্বামী-স্ত্ৰী দুয়োৰ মাজত ভাল বুজা বুজি নাথাকে তেনে হলে সেই সংসাৰ কোনো দিনে সুখৰ হব নোৱাৰে ।আৰু তেনে ধৰণৰ সংসাৰৰ শিশু সকল কোনো দিনে ভাল হব নোৱাৰে ।
মোৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতা পৰা কব পাৰোঁ যে এখন সুখৰ সংসাৰ হবলৈ হলে ঘৰৰ দুয়ো জনৰ বিপৰীতে যিকোনো এজনৰ চাকৰি হলে বেছি ভাল কাৰণ , এজনে চাকৰি কৰিলে আন জনে ঘৰ খনৰ লগতে শিশু কেইটাক ভাল দৰে চোৱা চিতা কৰিবলৈ বা ভাল দৰে যত্ন লবলৈ সময় দিব পাৰিব বুলি মোৰ ধাৰণা হয় ।
যদিওবা যিকোনো কাৰণত ঘৰৰ স্বামী-স্ত্ৰী দুয়ো জনৰে চৰকাৰী বা বেচৰকাৰী চাকৰি থাকে তেনে ক্ষেত্ৰত তেওঁ লোক দুয়ো জনৰ মাজত ঘৰ খনৰ প্ৰতিটো কামত ভাল বুজা বুজি মাজেৰে সম্পাদনা কৰাৰ অনুভৱ থাকিব লাগিব......
কৰ্ম সূত্ৰে আমি দু‌য়ো নিজা এখন ব্যক্তিগত বিদ্যালয় পৰিচালনাৰ দ্বায়িত্বত থাকিব লগীয়া হোৱাৰ বাবে আমি দুয়ো জনে ঘৰ আৰু বিদ্যালয়ৰ সমূহ কাম বুজা বুজিৰ মাজেৰে সম্পাদনা কৰি দুটি মৰম লগা কন্যা সন্তানৰ সকলো দিশতে যত্ন লবলৈ চেষ্টা কৰি আহিছোঁ । এই ক্ষেত্ৰত মোতকৈ মোৰ মানুহ জনে বিদ্যালয় ,ঘৰ আৰু মাইনাহতঁৰ প্ৰতি বেছি গুৰুত্ব প্ৰদান কৰাৰ বাবেই হয়তো আমি দুয়ো জনে ৰাতিপুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈকে বিদ্যালয়ত কৰ্মৰত হোৱা পিছতো বৰ সুন্দৰ কৈ ঘৰ খনৰ আৰু মাইনা দুজনীৰ দ্বায়িত্ব ভাল দৰে পালন কৰিবলৈ সক্ষম হৈছোঁ ।

আমাৰ দৈনন্দিন জীৱনত দেওবাৰৰ দিনটো বৰ গুৰুত্বপূৰ্ণ ,কিয়নো এই দিনটোত আমি গোটেই দিনটো ঘৰতে ঘৰুৱা কামৰ মাজেদি কটাবলৈ সময় পাওঁ । ৰাতিপুৱা উঠি মই গোটেই সপ্তাহটোত সকলোৱে এদিনৰ পিছত এদিন বেলেগ বেলেগ কৈ সলাই সলাই পিন্ধি যোৱা কাপোৰৰ দম বোৰ ধোওঁ আৰু মানুহ জনে ভাত-পানীৰ লগতে ঘৰৰ য'ত যি কাম আছে এটাৰ পিছত এটাকৈ কৰি থাকে, বিশেষকৈ আমাৰ ঘৰত ৰাতিৰ ভাত সাজ মোতকৈ বেছি মানুহ জনেই বনাই ।।।
আমাৰ দৰে সকলো পৰিয়ালৰ স্বামী-স্ত্ৰী সকলৰ মাজত ভাল বুজা বুজি থাকিলে সকলোৰে সংসাৰ নিশ্চিয় সুখৰ হব ।
অৱশেষত সকলোৰে এখন সুখৰ সংসাৰ হওঁক এই কামনাৰে আজিৰ এই দেওবাৰীয়া জীৱনৰ মহত্ব সামৰণি মাৰিলোঁ ।
.
.
.
.
.
#sundayfunday
#SundaySpecial
#sunday
#familytime
#familylove
#husband
#husbandandwifelife
@highlight
Dharitri Borah Saikia
Dharitri Saikia Office short video promotion
Sibasthan Jatiya Bidyalaya

5 months ago | [YT] | 5